Gaza:✒️বিগত সোমবাৰে গাজাৰ নাছৰ চিকিৎসালয়ত আক্ৰমণ চলায় বেঞ্জামিন নেতানিয়াহুৰ বাহিনীয়ে। এই আক্ৰমণত পাঁচজন সাংবাদিকসহ ২১জন লোক নিহত হয়।
বুধবাৰে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে ভাৰতে। কোৱা হৈছে যে এই ঘটনাটো “মৰ্মান্তিক আৰু অত্যন্ত দুখজনক”।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “সাংবাদিকৰ এই হত্যাকাণ্ড মৰ্মান্তিক আৰু অত্যন্ত দুখজনক। সংঘাতত সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুৱাত ভাৰতে সদায় গৰিহণা দি আহিছে।”
সোমবাৰৰ এই আক্ৰমণত ৰয়টাৰ, এছ’চিয়েটেড প্ৰেছ, আল জাজিৰা আৰু মিডল ইষ্ট আইৰ বাবে কাম কৰা পাঁচজন সাংবাদিক নিহত হোৱাৰ বিপৰীতে খান ইউনিছত আন এজন সাংবাদিক নিহত হয় ।
প্ৰসংগক্ৰমে ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইলৰ ওপৰত হামাছে প্ৰাৰম্ভিক আক্ৰমণৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে উগ্ৰপন্থী সংগঠনটোৰ দুৰ্গসমূহ ভাঙি পেলোৱাৰ চেষ্টা চলাই আহিছে।
যদিও এই প্ৰক্ৰিয়াত হেজাৰ হেজাৰ নিৰীহ লোকৰো মৃত্যু হৈছে।আনকি আইডিএফেও নিজেই এক বিবৃতি প্ৰকাশ কৰিছে যে হামাছে সাধাৰণ নাগৰিকক ঢাল হিচাপে ব্যৱহাৰ কৰিছে।
