Golokganj:
জেহাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চেগাচোৰোকাকৈ চলাই থকা অভিযানৰ মাজতে গোলকগঞ্জত জেহাদীৰে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন শিক্ষক । ধৃত শিক্ষকজন হ’ল শ্বাহ আলম সৰকাৰ ৷ তেওঁ লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক ৷ আনহাতে একেই অভিযোগত পলাতক একেখন বিদ্যালয়ৰে আন এজন শিক্ষক হজৰত আলী ৷ গোলকগঞ্জ আৰক্ষীয়ে পলাতক হজৰত আলীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷
