Morphine Seized in Laharijan:
ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে অভিযান থকাৰ মাজতে মঙলবাৰে নিশা আৰক্ষীয়ে অৰ্তকিতে চলোৱা তালাচীত এখন ট্ৰাকৰ পৰা উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ নিষিদ্ধ মৰফিন ৷
জব্দকৃত ট্ৰাক খনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল ১০ কেজি মৰফিন ৷ মৰফিন খিনিৰ মূল্য প্ৰায় ১০ কোটি হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আৰক্ষীয়ে মৰফিন সৰবৰাহ কৰা দুই সৰবৰাহকাৰী মহম্মদ আজাদ আৰু আলী আহমেদক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷
