Union Home Minister Visit Guwahati: বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

শুকুৰবাৰে নৱ নিৰ্মিত ৰাজভৱন উদ্বোধনৰ লগতে ভাগ ল'ব গোলাপ বৰবৰা জন্ম শতবার্ষিকী শুভাৰম্ভণি অনুষ্ঠানত

AMIT SHAH

Union Home Minister Visit Guwahati:

বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৷ সন্ধিয়া গুৱাহাটী বিমানকোঠ উপস্থিত হ’বলগীয়া গৃহমন্ত্ৰী গৰাকী পোনে পোনে ৰাওনা হ’ব কইনাধৰাস্থ ৰাজ্যিক অতিথি শালালৈ ৷ নিশাটো কইনাধৰাত কটাই শুকুৰবাৰে গৃহমন্ত্ৰী গৰাকীয়ে পুৱা নৱ নিৰ্মিত ৰাজভৱন ভৱন উদ্বোধন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত গোলাপ বৰবৰা জন্ম শতবার্ষিকী শুভাৰম্ভণিৰ অনুষ্ঠানত ভাগ ল’ব ৷
আনহাতে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত অনুস্থিত হ’ব লগা ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক খনি গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’ব ৷ সভাখনত পৌৰোহিত্য কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৷ ক’ৰ কমিটীৰ বৈঠকত ভাগ ল’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ জ্যেষ্ঠ নেতৃবৰ্গ ৷
সন্ধিয়া আঠ বজাত বাজপেয়ী ভৱনতে ২০২৬ ৰ বিধানসভা নিৰ্বাচন আৰু বিটিচি নিৰ্বাচনক লৈ অনুষ্ঠিত বিশেষ বৈঠকতো গৃহমন্ত্ৰী,মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে অংশ ল’ব ৷
Exit mobile version