বিহপুৰীয়া অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা : ছাত্ৰ পৰিষদ গঠন

IMG 20250827 WA0068

Bihpuria:আগন্তুক ২০২৬ ৰ বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি অগপৰ বিহপুৰীয়া সমষ্টি সমিতিয়ে ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে ৷

ইয়াৰ অংশস্বৰূপেই অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বিহপুৰীয়া সমষ্টি সমিতি গঠনৰ উদ্দেশ্যে আজি বিহপুৰীয়াত দলৰ এখন সভা অনুষ্ঠিত হয়।

বিহপুৰীয়া অগপৰ সমষ্টি সমিতিৰ সম্পাদক অসীমজ্যোতি ফুকনে আঁত ধৰা সভাখনত অগপৰ সমষ্টি সমিতিৰ সভাপতি মাখন তামূলী , অসম যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি প্ৰশান্ত বৰগোঁহাইয়ে ছাত্ৰ পৰিষদ গঠন সম্পৰ্কত বক্তব্য আগবঢ়াই ৷

সভাত বিহপুৰীয়াৰ বিভিন্ন মহাবিদ্যালয়ৰ লগতে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰই ছাত্ৰ পৰিষদত যোগদান কৰে ৷

অগপৰ বিহপুৰীয়া সমষ্টি সমিতিয়ে ছাত্ৰ পৰিষদত যোগদান কৰা সকলক অগপৰ দলীয় অংগ বস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনাই ৷

এই যোগদান কাৰ্যসূচীত অগপৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বলিন দাস , লখিমপুৰ জিলা যুৱ পৰিষদৰ সম্পাদক মানসজ্যোতি শৰ্মা , লখিমপুৰ জিলা যুৱ পৰিষদৰ উপ সভাপতি অভিজিৎ শৰ্মা , নাওবৈচা বিধান সভা সমষ্টিৰ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক পুলিন বৰা উপস্থিত থাকে ৷

আনহাতে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰিনয়ণ বৰুৱাই ভাৰ্চুৱেল পদ্ধতিৰে পৰিষদত যোগদান কৰা ছাত্ৰ সকলক উদ্দেশ্যি শুভেচ্ছামুলক বক্তব্য আগবঢ়াই ৷

সভাত শচীন দলেক সভাপতি , অভিনৱ সৃজন শইকীয়াক সম্পাদক , বাস্তৱ বৰুৱাক সহকাৰী সম্পাদক হিচাবে লৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অসম ছাত্ৰ পৰিষদ সমিতিখন গঠন কৰা হয় ৷

উল্লেখযোগ্য যে,২০২৬ ৰ নিৰ্বাচন বিহপুৰীয়া অগপই প্ৰাৰ্থী থিয় কৰাবৰ বাবেই ইতিমধ্যে ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে ৷

Exit mobile version