Dr.Bhupen Hazarika :জন্ম শতবৰ্ষত প্ৰাকমুহূৰ্তত সুধাকণ্ঠ ড:ভূপেন হাজৰিকাক বিশেষ সন্মান কেন্দ্ৰৰ, সুধাকণ্ঠৰ নামত এশটকীয়া মুদ্রা

বিত্ত মন্ত্রণালয়ৰ ৰাজপত্ৰযোগে অধিসূচনা জাৰি, কালজয়ী সন্মান আখ্যা মুখ্যমন্ত্ৰীৰ

bh1

Dr.Bhupen Hazarika :

সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে এশ টকা মূল্যৰ এটা স্মৃতি মুদ্রা প্রস্তুতৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি ৰাজপত্ৰযোগে বিত্ত মন্ত্রণালয়ে এই অধিসূচনা জাৰি কৰে।
ৰাজপত্ৰত উল্লেখ কৰা অনুসৰি, ৯৯.৯ শতাংশ বিশুদ্ধ ৰূপেৰে প্ৰস্তুত কৰিবলগীয়া এই মুদ্ৰাটো গোলাকাৰ আকৃতিৰ হ’ব আৰু ইয়াৰ ব্যাসার্ধ হ’ব ৪৪ মিলিমিটাৰ। ৰাজপত্ৰত এই বুলিও উল্লেখ কৰা হৈছে যে মুদ্ৰাটোৰ ওজন হ’ব ৪০ গ্রাম। মুদ্রাটোত ড: ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি থাকিব আৰু প্রতিচ্ছবিৰ ওপৰত ভূপেন হাজৰিকাৰ জন্ম শতাব্দী বুলি লিখা থাকিব।
ইয়াৰ লগতে নিয়ম অনুসৰি, এটা মুদ্রাত উল্লেখ থাকিবলগীয়া সকলো বিষয় তাত সন্নিবিষ্ট হ’ব। বিত্ত মন্ত্রণালয়ৰ এই সিদ্ধান্তক ভাৰতৰত্ন গৰাকীলৈ এক কালজয়ী সন্মান বুলি অভিমত ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷
Exit mobile version