Fraud arrested :
দীৰ্ঘদিন ধৰি প্রৱঞ্চনাৰে গাড়ী চুৰি কৰি অহা মষ্ট’ৱান্টেড ৰূপম শইকীয়া অৱশেষত পৰিল দিছপুৰ আৰক্ষীৰ জালত ৷ যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰে মহা প্ৰৱঞ্চকজনক I উল্লেখ্য যে,যোৰহাটৰ অজন্তা বাইপাছৰ সমীপস্থ এটা ভাড়াঘৰত বাহৰ পাতি নিজকে পৰিবহন বিভাগৰ এনফৰ্চমেন্ট ইন্সপেক্টৰ বুলি পৰিচয় দি আত্মগোপন কৰি আছিল প্ৰৱঞ্চক ৰূপমে ৷
আটকাধীন ৰূপমে প্রৱঞ্চনাজনে বিভিন্ন বিভাগত ভাড়ালৈ গাড়ী দিম বুলি কৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ডেৰ শতাধিক গাড়ী আনি পিছত বিক্ৰী কৰি আহিছিল।
এই সন্দৰ্ভত গুৱাহাটীৰ দিছপুৰ,পল্টনবজাৰ,ফটাশিল-আমবাৰী, চানমাৰি আৰু বৰপেটা,দৰং নলবাৰী জিলাৰ থানাত ৰজু আছে ১১ টাকৈ গোচৰ মহা প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ৰজু হৈছিল ৷ মহানগৰীৰ দিছপুৰ থানাত প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ৰজু হোৱা গোচৰমৰ্মে দিছপুৰ আৰক্ষীয়ে যোৰহাটত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক ৰূপম শইকীয়াক ৷
