Union Home Minister Amit Shah:
শুকুৰবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত উদ্বোধন কৰিলে অসমৰ ৰাজ্যপালৰ নৱনিৰ্মীত আৱাস গৃহ ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইং ৷ এই উপলক্ষে ৰাজভৱনৰ চৌহদত আয়োজিত গাম্ভীৰ্যপূৰ্ণ সভাতে গৃহমন্ত্ৰী গৰাকীয়ে দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমিত ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক গৱেষণাগাৰ- উত্তৰ- পূবৰো ভাছুৰ্য়েলী উদ্বোধন কৰাৰ উপৰিও সোনাপুৰস্থি সশস্ত্ৰ সীমা বলৰ নৱ নিৰ্মিত আৱাসীক চৌহদ,যোৰহাটস্থ আইটিবিপিৰ নৱ নিৰ্মিত চিকিৎসালয় কেন্দ্ৰৰো উদ্বোধন কৰে ৷
আনহাতে ৯,৬১৩ বর্গফুট এলেকা সামৰি ৪১কোটি ৩১লাখ ৫১ হাজাৰ টকা ব্যয়ৰে মহানগৰীৰ লুইতৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙত সংযোজিত হৈছে ৰাজ্যপালৰ কাৰ্যালয়,অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্ৰধান ব্যক্তিগত সচিবৰ কাৰ্যালয়,সন্মিলন কক্ষ,অপেক্ষা কক্ষ,গৰ্ভৰ্ণছ ছুইট,প্ৰেছিডেন্সীয়েল ছুইট আৰু অত্যাধুনিক পুথিভঁৰালৰ লগতে গুৰুজনাৰ কিছু সৃষ্টিৰাজিৰ আভাস ৷
