Arunachal Pradesh :
অৰুণাচল প্ৰদেশৰ ৰয়িঙত অৰুণাচলী দুৰ্বৃত্ততৰ হাতত বিশ্বনাথৰ শংকৰ পেগু নামৰ এজন চফল অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এজন অসমৰ কিশোৰক গুলীয়ালে অৰুণাচলী যুৱকে ৷
শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰাৰ ফলত ঢলি পৰে ১৪ বছৰীয়া কিশোৰটি ৷ তেজেৰে তুমৰলি হোৱা কিশোৰটিক সংকটজনক অৱস্থাত ততাতৈয়াকৈ ভৰ্তি কৰা হয় নাহৰলগুনৰ TRIHMS নামৰ চিকিৎসালয় খনত ৷
উল্লেখ্য যে, আহত কিশোৰটিৰ নাম আন্দ্ৰিয়াজ ইন্দোৱাৰ ৷তেওঁ ঘৰ লখিমপুৰৰ লালুকৰ ঢেকীয়াজুলি খ্ৰীষ্টান গাঁৱত ৷ কিশোৰটিয়ে নাহৰলগুনৰ এটা গেৰেজত কৰ্মৰত হৈ আছিল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত নাহৰলগুন আৰক্ষীয়ে গুলীচালনা কৰা দুৰ্বৃত্তটোৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷
