CM Pressmeet in Loksewa bhawan:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্র অচিৰেই অসমলৈ অনা হ’ব ৷ বৃটিছ মিউজিয়াম থকা বৃন্দাবনী বস্ত্র অসমত থাকিব ১৮ মাহ ৷ এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে দিছপুৰস্থ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গুৰুজনাৰ সৃষ্টি ‘বৃন্দাবনী বস্ত্র ‘খনি বৰ্তমান বৃটিছ মিউজিয়াম সহ ইউৰোপৰ আন দুটা সংগ্ৰহালয়ত আছে ৷
বৃন্দাবনী বস্ত্ৰ অসমৰ মানুহে চাব পৰা ব্যৱস্থাৰ প্রচেষ্টা চৰকাৰে অহৰহ চেষ্টা চলাই থকাৰ ফলত অচিৰেই বৃটিছ মিউজিয়ামৰ পৰা অসমলৈ আহিব৷ কিন্ত শেহতীয়াকৈ বৃটিছ মিউজিয়ামৰ কৰ্তৃপক্ষই কেতবোৰ চৰ্ত বান্ধি দিছে ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ডিজিটেলি চাব পৰাকৈ বৃন্দাবনী বস্ত্র’ ২০২৭ বৰ্ষত অসমলৈ ১৮ মাহৰ বাবে বৃটিছ মিউজিয়ামে প্ৰেৰণ কৰিব বৃন্দাবনী বস্ত্ৰ ৷ ইয়াৰ পূৰ্বে বৃটিছ মিউজিয়ামৰ এটা দলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু গুৱাহাটীস্থ ৰাজ্যিক সংগ্ৰহালয় পৰিদৰ্শন কৰিছিল ৷ কিন্ত এই দুয়োটা স্থানতে বৃন্দাবনী বস্ত্র’ ৰখাৰ বাবে উপযুক্ত নহয় বুলি মন্তব্য কৰিছিল ৷
বৃন্দাবনী বস্ত্র ৰখাৰ বাবে অনুকুল এটা সুকীয়া ‘ষ্টেট অৱ আর্ট মিউজিয়াম’ স্থাপনৰ পৰামৰ্শ দিয়ে বৃটিছ মিউজিয়ামৰ বিশেষ দলটোৱে ৷ সেই অনুসৰি অসম চৰকাৰে খানাপাৰাস্থ ৰেচম বিভাগৰ এবিঘা মাটিত ষ্টেট অৱ আর্ট মিউজিয়াম নিৰ্মাণ কৰাৰ পৰিকল্পনা লয় ৷ এই মিউজিয়ামটো নিৰ্মাণ কৰিব জেএচ ডব্লিউ’নামৰ প্ৰতিষ্ঠাটোৱে ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতে ‘ষ্টেট অৱ আর্ট মিউজিয়াম’লৈ ২০২৭ বৰ্ষত অসমলৈ ১৮ মাহৰ বাবে বৃটিছ মিউজিয়ামে প্ৰেৰণ কৰিব বৃন্দাবনী বস্ত্র ।
ইতিমধ্যে সমস্ত বিষয়টো বুজ লবৰ বাবে মোক বৃটিছ মিউজিয়ামে লণ্ডনলৈ নিমন্ত্ৰণ কৰিছিল ৷কিন্তু বিশেষ অসুবিধাৰ বাবে ছেপ্তেম্বৰৰ পৰিৱৰ্তে অক্টোবৰত যাম লণ্ডনলৈ ৷ এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে
