Nagaon Central Jail: নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ সন্দৰ্ভত জিলা আয়ুক্তৰ ছাডেন ভিজিটতৰ পিছতে তৎপৰ আৰক্ষী

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ ,আটকাধীন কৰ্মচাৰী দুজন হ'ল বাবুল হাজৰিকা আৰু উপেন পটংগীয়া

nagaon dc 2

Nagaon Central Jail:

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ সন্দৰ্ভত শুকুৰবাৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ ছাডেন ভিজিটতৰ পিছতে তৎপৰ হৈ পৰে নগাঁও আৰক্ষী ৷ শনিবাৰে জে’লৰ ভিতৰত অনৈতিক কাম-কাজত জড়িতৰ অভিযোগত সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্মচাৰী বাবুল হাজৰিকা আৰু উপেন পটংগীয়াক I

উল্লেখ্য যে,নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত একাংশ কৰ্মচাৰীৰপৃষ্ঠপোষকতাতে অব্যাহত আছে ড্রাগছ, ভাং আদি নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা। এই নিষিদ্ধ ড্রাগছ আৰু ভাঙৰ গ্ৰাহক হৈছে একাংশ কাৰাবন্দী। তদুপৰি নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কৰ্তৃপক্ষই নীতিবহির্ভূতভাৱে চলাই আছে তিনিখনকৈ কেন্টিন। য’ত উপলব্ধ হয় মাছ, মাংস, এনার্জী ক’ল ড্রিংকছ (শীতল পানীয়)।

কয়দীসকলক সাক্ষাৎ কৰিবলৈ অহা পৰিয়ালৰ লোকে কাৰাগাৰৰ কৰ্মচাৰীৰ জৰিয়তে ধন যোগান ধৰে। সেই ধনৰেই কাৰাগাৰৰ ভিতৰত থকা কেন্টিনৰ মাছ-মাংস, শীতল পানীয় খাই ভোগ-বিলাসিতাৰ জীৱন অতিবাহিত কৰিছে একাংশ কয়দীয়ে।

শুকুৰবাৰে জিলা প্রশাসন আৰু আৰক্ষীৰ এটা দলে আকস্মিকভাৱে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰাৰ সময়ত এই তথ্য পোহৰলৈ আহে। দলটোৱে কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ বেহা প্রত্যক্ষ কৰাৰ লগতে কিছু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। তদুপৰি কাৰাগাৰৰ ভিতৰত তিনিখনকৈ মাছ-মাংস, শীতল পানীয়ৰ কেন্টিন প্রত্যক্ষ কৰি তেওঁলোকৰ চকু কপালত উঠে। এতিয়া প্রশ্ন হ’ল যে কাৰ সেউজ সংকেতত এইদৰে কাৰাগাৰৰ ভিতৰত অবৈধ বেহা অব্যাহত আছিল?

এই সন্দৰ্ভত নগাঁৱৰ জিলা আযুক্ত দেৱাশিষ শৰ্মাই কয়, ‘নগাঁও কেন্দ্রীয় কাৰাগাৰৰ ভিতৰলৈ কাৰাগাৰৰ মানুহেই বাহিৰৰ পৰা ড্ৰাগছ লৈ আহে। কাৰাগাৰৰ পটংগীয়া আৰু হাজৰিকা উপাধিধাৰী দুজন লোকে এই ড্ৰাগছ সৰবৰাহ কৰি আনি চালিমুদ্দিন নামৰ এজনৰ হাতত দিয়ে। কাৰাগাৰৰ ভিতৰত টকা দিলেই ড্রাগছ, ভাং আদি পায়।’ নগাঁও কেন্দ্রীয় কাৰাগাৰৰ কয়দীসকলক সাক্ষাৎ কৰিবলৈ আহি তেওঁলোকৰ আত্মীয়ই কাৰাগাৰৰ কৰ্মচাৰীৰ জৰিয়তে ধন যোগান ধৰাৰ নামতো আন এক অনিয়ম সংঘটিত হৈ থকা বুলি উল্লেখ কৰি জিলা আযুক্তজনে কয়, ‘ইয়াত থকা কয়দীসকলক লগ কৰিবলৈ অহা মানুহক একোখনকৈ শ্লিপ দিয়ে। জেলৰ কৰ্মচাৰীৰ জৰিয়তে ধন যোগান ধৰে।

কোনো কয়দীক এহেজাৰ টকা দিলে তাৰ পৰা পাঁচশ টকা জেলৰ কৰ্মচাৰীয়ে নিজে ৰাখি পাঁচশ টকাহে দিয়ে। জেলৰ ভিতৰত তিনিখনকৈ কেন্টিন চলাই থকা হৈছে। সেই কেন্টিনত মাছ, মাংস, ক’ল ড্রিংকছ পায়। এনার্জি ড্রিংকছ পর্যন্ত পায়। এনার্জি ড্রিংকছৰ শ শ বটল আমি পাইছো। ভাং খোৱাৰ পাছত এই স্ট্রিং নামৰ এনার্জি ড্রিংকছ খায়। কাৰাগাৰখনত এক বিলাসী কাৰবাৰ চলি আছে। কাৰাগাৰখনৰ অধীক্ষকক সোধাত তেওঁ কাৰাগাৰখন চলাবলৈ পইচা লাগে বুলি কৈ তেওঁ চৰকাৰৰ বিপক্ষে কথা কৈছে।

‘কাৰাগাৰখনত এনে নিকৃষ্ট কাম চলি থকাৰ কথা উল্লেখ কৰি আয়ুক্তজনে কয় যে এই সন্দৰ্ভত গৃহ সচিব আৰু কাৰাগাৰ মহা পৰিদৰ্শকক অৱগত কৰা হৈছে। তেওঁ কয়, ‘জেলখনৰ ভিতৰত নিকৃষ্ট কাণ্ড চলি আছে। জেলৰ ভিতৰত ভোগ বিলাসিতাৰ জীৱন নচলিব।’ তদুপৰি কাৰাগাৰৰ অধীক্ষক আৰু জেইলাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অধীক্ষক আৰু জেইলাৰৰ চকুৰ সন্মুখতে এই কাম চলি আছে। আন এক অভিযোগ অনুসৰি, কাৰাগাৰখনত কয়দীক চাবলৈ অহা পৰিয়ালৰ লোকৰ পৰাও ধন সংগ্ৰহ কৰে কাৰাগাৰ খনৰ কৰ্মচাৰীয়ে ৷

Exit mobile version