সৰু-সুৰা অপৰাধত কাৰাগাৰ গমনৰ পৰা ৰেহাই দিয়াৰ উদ্দেশ্যে বিধেয়ক

768 512 20006971 364 20006971 1699781394040

Street dog:✒️পোহনীয়া কুকুৰক প্ৰশিক্ষণ নিদিয়া, পথৰ গৰুৰ গাখীৰ খীৰাই লোৱা বা জৰুৰী সেৱাৰ বাহনক পথ এৰি নিদিয়াৰ দৰে ঘটনাক ফৌজদাৰী অপৰাধৰূপে গণ্য নকৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এই উদ্দেশ্যে কেন্দ্ৰই সংসদৰ এইবাৰৰ বর্ষাকালীন অধিবেশনত এক সংশোধনী বিধেয়ক উত্থাপন কৰে। লোকসভাত উত্থাপন কৰা এই বিধেয়কৰ নাম হৈছে জনবিশ্বাস (বিধি সংশোধনী) বিধেয়ক ২০২৫।

এই বিধেয়ক আইনত পৰিণত হ’লে ওপৰোক্ত ধৰণৰ ঘটনাসমূহত কোনো লোকক গ্ৰেপ্তাৰ কৰা নহ’ব; অর্থাৎ এনে কার্যত লিপ্তসকলে অভিযুক্তক কেরল আর্থিক জৰিমনা বিহাৰ লক্ষ্য লোৱা হৈছে। কেন্দ্রৰ এই নতুন সংশোধনী বিধেয়কত ১০ টা মন্ত্রণালয় তথা কেন্দ্রীয় চৰকাৰৰ বিভাগৰ ১৬ খন কেন্দ্রীয় আইনৰ সংশোধনীৰ প্রস্তাৱ দিয়া হৈছে। এইদৰে মুঠ ৩৫৫ টা ধাৰা সংশোধন ঘটাব বিচৰা হৈছে।

এই তিনি শতাধিক ধাৰাৰ ২৮৮ টা ধাবাক অপৰাধমুক্ত কৰাৰ কথা কোৱা হৈছে। বাকী থকা ৬৭ টা ধাৰাৰ সংশোধনৰ প্রস্তাৱ দিয়া হৈছে যাতে সাধাৰণ মানুহৰ দৈনন্দিন জীৱন যাত্ৰা আৰু সহজ হয়। ইয়াৰ মাজতে আছে মটৰ গাড়ী আইন, নতুন দিল্লী পৌৰসভা পৰিষদ আইন আদি।

এইসমূহক লৈ দ্বিতীয়বাৰৰ বাবে সংসদত মোদী চৰকাৰে জনবিশ্বাস বিধেয়ক আনিছে। উল্লেখ্য যে ২০২৩ত সংসদে জনবিশ্বাস আইন গৃহীত কৰে। এই আইনত ১৬ টা মন্ত্রণালয় আৰু কেন্দ্রীয় বিভাগৰ ৪২ খন কেন্দ্রীয় আইনৰ কাৰাগাৰ গমনৰ পৰা ৰক্ষা পাব।

গ্ৰেপ্তাৰৰ পৰিৱৰ্তে ১৮৩ টা ধাৰাক অপৰাধমুক্ত কৰিছে কেন্দ্রীয় চৰকাৰে। এইবাৰ চৰকাৰে আৰু ৩৫৫ টা ধাৰাক অপৰাধমুক্ত কৰাৰ উদ্যোগ লৈছে। উল্লেখ্য যে দেশৰ কাৰাগাৰ বা সংশোধনাগাৰসমূহত অনেক সময়ত অতিৰিক্ত সংখ্যক আৱাসী ৰখাৰ দৰে ঘটনা সংঘটিত হয়। অর্থাৎ কোনো সংশোধনাগাৰত যিমান সংখ্যক বন্দী ৰাখিব পাৰি তাতকৈ অধিক বন্দী ৰখাৰ ঘটনা সংঘটিত হয়।

এইসকলৰ মাজত অনেক বিচাৰাধীন বন্দীও থাকে। এনে ঘটনাক লৈ সময়ে সময়ে ন্যায়পালিকায়ো উদ্বেগ প্রকাশ কৰি আহিছে এনে অৱস্থাত সৰু-সুৰা অপৰাধত গ্রেপ্তাৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে সংশোধনী গৃহৰ বন্দীবো সংখ্যা বৃদ্ধি পায়। কাগজে-কলমে ফৌজদারী অপৰাধৰ বিধান থাকিলেও সাধাৰণতে এনে ধাৰা প্রয়োগ কম হয়।

আনহাতে একাংশব মতে সৰু-সুৰা অপৰাধত কাৰাগাৰলৈ প্রেৰণ কৰা কার্য মৌলিক আইনী নীতিৰ পৰিপন্থী। এনে অৱস্থাতে কেন্দ্রই সৰু-সুৰা অপৰাধত লিপ্তক কাৰাগাৰ গমনৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে এই সংশোধনী বিধেয়ক আনিছে। ইপিনে, দেশৰ বিচাৰ ব্যৱস্থাৰ সম্মুখতো প্ৰচুৰ গোচৰৰ চাপ থাকে বুলি প্রায়ে চর্চা হয়। এক তথ্য অনুসৰি চলিত বছৰৰ ২৪ আগষ্ট পর্যন্ত দেশৰ বিভিন্ন জিলা আদালতত চাৰে তিনি কোটিৰো অধিক ফৌজদাৰী গোচৰ নিষ্পত্তিহীন হৈ আছে।

ইয়াৰে দুই কোটি ৩০ লক্ষৰো অধিক গোচৰৰ বিচাৰ এবছৰৰো অধিক সময় ধৰি চলা। এনে অৱস্থাত দেশৰ বিচাৰ ব্যৱস্থাৰ ওপৰত বহু চাপৰ সৃষ্টি হৈছে। গতিকে কেন্দ্রই কেতবোৰ সৰু-সুৰা অপৰাধক ফৌজদাৰী বিধিৰ পৰা মুক্তি দিয়াৰ চিন্তা-চৰ্চা কৰা বুলি চর্চা হৈছে। কেন্দ্রব এনে চিন্তা-চৰ্চাৰ আভাস দুবছৰ পূৰ্বে পোৱা গৈছিল। ২০২৩ত প্রথম জনবিশ্বাস আইন অনাৰ সময়তে কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে বিবৃতি দিছিল যে সৰু-সুৰা অপৰাধৰ বিচাৰ আদালতত চলিলে বহু সময়ত গুৰুতৰ অপৰাধৰ বিচাৰ প্ৰক্ৰিয়াত পলম হয়।

গতিকে কেন্দ্রই ন্যায় ব্যবস্থাৰ ওপৰত পৰা চাপ হাসৰ সিদ্ধান্ত লৈছে। আনহাতে, সূত্রই প্রকাশ কৰা অনুসৰি এইবাৰৰ বর্ষাকালীন অধিবেশনত লোকসভাত উত্থাপন কৰা জনবিশ্বাস সংশোধনী বিধেয়কৰ জৰিয়তে প্রথমবাৰ নিয়ম ভঙা লোকক কেবল সাবধানবাণী শুনোৱাৰ ব্যৱস্থা কৰা হৈছে। তাৰ পাছতো নিয়ম ভংগ কৰিলে এক লাখ টকা পর্যন্ত আর্থিক জৰিমনা বিহা হ’ব পাৰে।

সম্প্রতি আইনখনত থকা জবিমনাসহ শাস্তি বিহাৰ ব্যৱস্থাৰ সংশোধন ঘটাই কেবল জৰিমনা বিহাৰ বিধি বলৱতৰ যো-জা এই সংশোধনী বিধেয়কৰ জৰিয়তে কৰা হৈছে। সূত্রব মতে, জৰুৰী সেৱাৰ বাহনক পথ এবি নিদিলে বর্তমানে থকা ছমাহৰ কাৰাবাস আৰু ১০ হেজাৰ টকাৰ জৰিমনাৰ কেৱল আর্থিক জৰিমনাৰ অংশটোহে সংশোধনী বিধেয়কত ৰখা হৈছে। অৱশ্যে বাৰম্বাৰ আইন উলংঘা কৰিলে কাৰাদণ্ড হ’ব পাৰে। এনে ব্যবস্থাও সংশোধনী বিধেয়কত ৰখা হৈছে।

Exit mobile version