Doboka:
এজাক বৰষুণতে কৃত্রিম বানৰ কবলত পৰা ডবকা চহৰৰ মূল পথসমূহৰ পৰা পানী নিষ্কাসনৰ বাবে পকী নলা নির্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে। গড়কাপ্টানী বিভাগৰ অধীনত প্রায় তিনি কোটি টকা ব্যয় সাপেক্ষে পকী নলা নির্মাণত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাত কালি নলা নির্মাণ কার্য চলি থকা অৱস্থাত খহি পৰাত ৰাইজৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ডবকাৰ অসম গ্রামীণ বিকাশ বেংকৰ সন্মুখত থকা গড়কাপ্টানী পথৰ কাষত পকী নলাৰ কাম চলি থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয়। স্থানীয় একাংশ সচেতন লোকে ডবকা গড়কাপ্টানী বিভাগৰ এছ ডি অক এই বিষয়ে অভিযোগ দিয়াৰ মুহূর্ততে বিষয়াজন ঘটনাস্থলীত উপস্থিত হৈ নিম্ন মানৰ কামসমূহ ভাঙি পুনৰ আৰম্ভ কৰিবলৈ নির্দেশ প্রদান কৰে। নিৰ্মাণ কাৰ্যত চিমেন্টৰ পৰিমাণ কম হোৱাৰ বাবে পকী নলাৰ ঢাকোন আৰু ৱালসমূহ ভাঙি যায় বুলি কামত নিয়োজিত শ্রমিকসকলে বিষয়াজনৰ সন্মুখত স্বীকাৰ কৰে। বিষয়াজনে শ্ৰমিকসকলৰ ওপৰত অগ্নিশৰ্মা হৈ পুনৰ নলা নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰাত শ্রমিকসকলে নৱনির্মিত পকী নলাসমূহ ভাঙি পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে।
উল্লেখ্য যে বিগত প্রায় সাত-আঠ মাহৰ পৰা ডবকা চহৰত পকী নলাৰ কাম শামুকীয়া গতিৰে চলি থকাৰ লগতে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ বিভাগৰ লগতে জিলা আয়ুক্তক ৰাইজে অৱগত কৰি আহিছে যদিও মহেশ চেনানীৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কোনো গুৰুত্ব প্রদান নকৰাত সাধাৰণ জনতা, ব্যৱসায়ী যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। এজাক বৰষুণ হ’লেই কৃত্রিক বানৰ সৃষ্টি হয় ডবকা চহৰত। জিলা আয়ুক্তৰ নিৰ্দেশ কেৰেপ নকৰাৰ অভিযোগ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। ক্ষোভিত ৰাইজে ব্লেক লিষ্টত অন্তৰ্ভূক্ত কৰাৰ দাবী জনাইছে ঠিকাদাৰী প্ৰতিষ্ঠানটোক।
