Guwahati Incident:পুৱা নগাঁৱৰ ঘৰলৈ যোৱা যুৱতীৰ মৃতদেহ মাজনিশা জিএমচিএইছত

ৰঙীন জীৱনেই কাল হ'ল যুৱতীৰ ?

nagaon main

Guwahati Incident:

 নৈশ পার্টিত ভাগ লৈ অত্যধিক নিচাযুক্ত সামগ্রী সেৱনৰ পৰিণতিত মহানগৰীত এগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি লোৱা এক ঘটনা পোহৰলৈ আহিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ)ত। আধুনিকতা মানেই উচ্ছৃংখল বাধাহীন জীৱন বুলি বদ্ধমূল ধাৰণা আৰু তাৰ সমান্তৰালভাৱে সহজলভ্য ধন আহৰণৰ প্ৰৱণতাই জীৱনৰ ফল বিষময় কৰি তুলিছে একাংশ লোকৰ। তাৰেই পৰিণাম এই ঘটনাটো বুলি চর্চা হৈছে।

শনিবাৰে নিশা প্রায় ১২.৩৫ বজাত এজন যুৱকে অট’ৰে মুমূর্ষু অৱস্থাত এগৰাকী যুৱতীক জিএমচিএইছৰ জৰুৰীকালীন সেৱা বিভাগলৈ আনিছিল। যুৱতীগৰাকীক দাঙি এখন ট্রলীত তোলা হৈছিল। কৰ্তব্যৰত চিকিৎসকে যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰিছিল আৰু সেই সময়তে যুৱকজনে তাৰ পৰা দৌৰি আঁতৰি গৈছিল। ইয়াৰ মাজতে যুৱতীগৰাকীৰ মৃত্যু হোৱাটো চিকিৎসকে নিশ্চিত কৰিছিল। আনহাতে, যুৱকজনে তেনেদৰে দৌৰি পলায়ন কৰাত চিকিৎসক-নাছে চিঞৰিছিল। লগে লগে জিএমচিএইছৰ কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে দৌৰি গৈ যুৱকজনক গবা মাৰি ধৰিছিল আৰু ভঙাগড় আৰক্ষী থানাত খবৰ দিছিল।

সেই সময়তে আৰক্ষীয়ে আহি যুৱকজনক নিজৰ জিম্মাত লয়। আৰক্ষীয়ে পৰিচয় সোধাত যুৱকজনে নিজৰ নাম ইমৰান আলী বুলি জনায়। তাৰ পাছতে ঘটনাই নতুন মোৰ লয়। পুৱতি নিশা এগৰাকী মুমূর্ষু যুৱতীক তেনেদৰে চিকিৎসালয়লৈ অনা, চিকিৎসকে যুৱতীগৰাকীক মৃত অৱস্থাত পোৱা আৰু ইমৰানে পলায়নৰ চেষ্টা চলোৱা ঘটনাই সমগ্র বিষয়টোক লৈ যায় গভীৰ ৰহস্যলৈ।

আৰক্ষীয়ে ইমৰানৰ ম’বাইলটো জব্দ কৰাৰ লগতে জেৰাও চলায়। প্রথমতে ইমৰানে কোনো কথা নাজানে বুলি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল। যুৱতীগৰাকীৰ লগত কোনো চিনাকি নাছিল আৰু এঠাইত পৰি থকা দেখিহে জিএমচি এইছলৈ অনা বুলি দাবী কৰিছিল। যেতিয়া আৰক্ষীয়ে ইমবানব ম’বাইল ফোনটো পৰীক্ষা কৰে, তেতিয়া তাত মৃত্যু হোৱা যুৱতী গৰাকীৰ লগতে আন বহু যুৱতী আৰু মহিলাৰ ফটো উদ্ধাৰ হয়। কে’বাখনো হোটেল আৰু লজৰ ফোন নম্বৰ, ড্ৰাগছৰ পেকেটৰ ফটো আদিও ফোনটোত আছিল। তদুপৰি বহু সন্দেহজনক নম্বৰো মজুত থকা ফোনটোৰ তথ্যৰ ভিত্তিতে ইমৰানক অৰক্ষীয়ে জেৰা চলায়। সেই জেৰাতে উদ্ধাৰ হয় কে’বাটাও গুৰুতৰ তথ্য।

ইমৰানে জনোৱা মতে, মহানগৰীৰ পূব শৰণীয়াৰ ইছলামপুৰৰ ভগৱান নামৰ এখন হোটেলৰ পৰা তেওঁ যুৱতীগৰাকীক জিএমচিএইছলৈ আনিছিল। হোটেলখনত নৈশ পার্টি চলিছিল আৰু সেই পার্টিত যুৱতীগৰাকীও আছিল; কিন্তু যুৱতীগৰাকীৰ প্ৰকৃত পৰিচয় তেতিয়াও ইমৰানে দিয়া নাছিল। এবাৰ যদি যুৱতী গৰাকীৰ নাম পূজা বৰুৱা বুলি কয়, আন এবাৰ পূজা দাস বুলি কয়। আনহাতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে যুৱতীগৰাকীৰ মৃত্যু প্রকৃততে কি কাৰণত হয়, সেয়া স্পষ্ট হ’ব। চিকিৎসকে এতিয়ালৈকে প্রকাশ কৰা সন্দেহ অনুসৰি নিচাযুক্ত সামগ্রী অধিক পৰিমাণত সেৱন কৰাৰ পৰিণতিতে এই ঘটনা সংঘটিত হয়।

ইপিনে,দেওবাৰে আগবেলা চিকিৎসালয়ত উপস্থিত হয় গুৱাহাটীৰ হেঙেৰাবাৰীত বাস কৰা আশুতোষ চেতিয়া নামৰ এজন লোক। গুৱাহাটীৰ এখন বিউটি পার্লাৰৰ কৰ্মচাৰী আশুতোষে মৃত যুৱতী গৰাকী তেওঁৰ পত্নী বুলি দাবী কৰে। তাৰ পাছত ঘটনাই আন এক ৰূপ লয়। চেতিয়াই আৰক্ষীক জনায় যে কালি আগবেলা তেওঁৰ পত্নীয়ে নগাঁৱৰ ঘৰলৈ যাব বুলি ওলাই আহিছিল। তাৰ পাছত দিনৰ ভাগত যোগাযোগ হৈছিল যদিও পত্নী যে ঘৰলৈ নগৈ আন ক’ৰবালৈ গৈছিল সেয়া আজিহে তেওঁ গম পাইছে।

ইপিনে, আৰক্ষীয়ে এই তথ্যও লাভ কৰিছে যে মহিলা গৰাকীয়ে কে’বাটাও ছদ্মনাম ব্যৱহাৰ কৰিছিল। আনহাতে, ইমৰানে নৈশ পার্টিলৈ যুৱতী-মহিলা যোগান ধৰাৰ তথ্য অৰক্ষীয়ে লাভ কৰিছে। তেনেদৰে ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰো যোগানিয়াৰ হ’ল ধৃত ইমৰান। জব্দ কৰা ম’বাইল ফোনটোৰ পৰা এনে বহু তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে।

Exit mobile version