Hojai:মোৰাঝাৰত হত্যাৰ অভিযোগত পঞ্চায়ত সভানেত্ৰীৰ স্বামীক গ্ৰেপ্তাৰ

অভিযুক্তক মুকলিৰ দাবীত শতাধিক লোকৰ থানা ঘেৰাও

hojai

Hojai:

হোজাইৰ মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাৰ গোচৰত অভিযুক্ত এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ স্বামীক। বিন্নাকান্দি সমষ্টিৰ চাৰিং গাঁও পঞ্চায়তৰ সভানেত্রী আবিদা বেগমৰ স্বামী মামুন ৰছিদক গ্ৰেপ্তাৰ কৰিছে মোৰাঝাৰ আৰক্ষীয়ে।

আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্রতি হোজাই থানাত ৰখা হৈছে ধৃত মামুনক। উল্লেখ্য, দুমাহ পূর্বে মোৰাঝাৰৰ পূব বান্দৰমেলা গাঁৱৰ আকমল হুছেইন নামৰ এজন লোকৰ ৰহস্যজনক অৱস্থাত জলসিঞ্চন নলাত মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াক এক হত্যাকাণ্ড বুলি অভিযোগ কৰি আকমল হুছেইনৰ পত্নীয়ে মোৰাঝাৰ থানাত এক গোচৰ তৰিছিল। স্থানীয় ১০ জন লোকক অভিযুক্ত কৰি মোৰাঝাৰ থানাত ১০৯/২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰটোত অভিযুক্ত আছিল পঞ্চায়ত সভানেত্ৰীগৰাকীৰ স্বামী মামুন ৰছিদ আৰক্ষী সূত্ৰই জনোৱা মতে, ডিফুৰ পৰা গুৱাহাটীলৈ আহি থকা পথত ডবকাৰ আকাশীগংগাৰ পৰা শনিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰা হৈছিল মামুনক।

উল্লেখ্য যে অভিযুক্তসকলে যোৱা ১৯ জুনৰ নিশা ঘৰৰ পৰা মাতি নি জলসিঞ্চন নলাত ডিঙিত গামোচাৰে ফাঁচি লগাই আকমলক হত্যা কৰাৰ অভিযোগ কৰিছে আকমলৰ পৰিয়ালে। হত্যাত অভিযুক্ত মামুনক গ্ৰেপ্তাৰৰ পাছত যোৱা নিশা শতাধিক লোকে মোৰাঝাৰ থানাৰ সন্মুখত উপস্থিত হৈ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘটনাৰ বাকী নজন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনায়। আনহাতে, ঘটনাটোক লৈ দুটা পক্ষৰ শ শ ৰাইজে পৃথকে পৃথকে প্রতিবাদ সাব্যস্ত কৰিছে মোৰাঝাৰ থানাৰ সন্মুখত। আজি দিনৰ ভাগত শতাধিক পুৰুষ-মহিলাই মোৰাঝাৰ থানাৰ সন্মুখত উপস্থিত হৈ মামুন ৰছিদক সমর্থন কৰি কেতবোৰ গুৰুতৰ অভিযোগ কৰে। প্ৰকৃততে মামুন ৰছিদ পঞ্চায়ত নির্বাচনকেন্দ্ৰিক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ বিপক্ষৰ।

আনহাতে, সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিডিঅ’। কিশোৰক যৌন নির্যাতন চলোৱাত পাৰিবাৰিক আৰু সামাজিক বিচাৰৰ সন্মুখীন হৈ লোকজনে আত্মহত্যা কৰা বুলি অভিযোগ কৰি মোৰাঝাৰ থানাত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলে দাবী কৰা মতে, পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈ এটা পক্ষই ষড়যন্ত্রত লিপ্ত হৈছে। আৰক্ষীয়ে সঠিক তদন্ত কৰিলে প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ দাবী কৰিছে ৰাইজে। মামুনৰ বিৰুদ্ধে আৰক্ষীয়ে বিএনএছ ৬১(২)/ ১০৩/২৩৮ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version