Dhupdhara:
কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাই যোৱা নিশা গোৱালপাৰাৰ মাটিয়াত এজন ডকাইতিত অভিযুক্ত গুলিবিদ্ধ হয়। সূত্ৰই জনোৱা মতে, অভিযুক্তজনে চোকা অস্ত্ৰৰে কৰা আক্ৰমণত দুজন আৰক্ষী জোৱানো আহত হয়। ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত টিপলাই বনগাঁৱত যোৱা শনিবাৰে পুৱতি নিশা সুশীল কলিতা নামৰ লোকজনৰ ঘৰত এক ডকাইতিৰ ঘটনা সংঘটিত হয়।
ডকাইতে কলিতাৰ ঘৰৰ পৰা ২০ লক্ষাধিক টকা মূল্যৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ ডেৰ লক্ষাধিক টকা লুটি লৈ যায়। যোৱা নিশা আৰক্ষীয়ে এই ডকাইতিত লিপ্ত থকাৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
জেৰাত প্ৰকাশ কৰা তথাৰ ভিত্তিত যোৱা নিশা দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক নুপূৰ ৰঞ্জন নেওগৰ নেতৃত্বত এটা দলে অভিযুক্তকেইজনৰ অন্যতম ৰাজীবুল ইছলামক লগত লৈ ডকাইতি কৰি অনা নগদ ধন আৰু আ-অলংকাৰ উদ্ধাৰ কৰিবলৈ মাটিয়াস্থিত বন্দী শিবিৰৰ ওচৰৰ জংঘললৈ যায়। নির্দিষ্ট স্থানত উপস্থিত হোৱাৰ পাছতে ৰাজীবুলে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ অপচেষ্টা চলাওঁতে তেওঁক বাধা দিবলৈ আৰক্ষীয়ে গুলিচালনা কৰাত অভিযুক্তজনৰ দুয়োখন ভৰিত গুলি লাগে বুলি সূত্রই জনায়।
সূত্রই জনোবা মতে অভিযুক্তজনৰ আক্ৰমণত দুই আৰক্ষী জোৱান বিদুল আহমেদ আৰু সৌৰভ পাটোৱাৰী আহত হয়। আৰক্ষীয়ে অভিযুক্ত বাজীবুলৰ পৰা সোণৰ এযোৰ ঝুনুকা, সোণৰ এটা আঙঠি, এডাল ৰূপৰ চেইন আৰু নগদ ২০ হেজাৰ টকা উদ্ধাৰ কৰে বুলি সূত্রই প্রকাশ কৰিছে। ইপিনে, গুলিবিদ্ধ ৰাজ বুলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আৰক্ষীয়ে ভর্তি কৰে। সূত্ৰই জনোৱা মতে, ৰাজীবুল পূৰ্বৰে পৰা আঠটা ডকাইতিৰ গোচৰত অভিযুক্ত হৈ আছে।
যোৱা শনিবাৰৰ পুৱতি নিশাৰ টিপলাই-বনগাঁৱৰ ডকাইতিৰ ঘটনাত ৰাজীবুলৰ স’তে জালত পৰা আন তিনিজনৰ নাম অবিনাশ ৰাভা, ৰাহুল কোচ আৰু অপূৰ্ব ৰাভা বুলি আৰক্ষীয়ে জনায়। ডকাইতৰ দলটোৰ স’তে আন কে’বাজনো জড়িত থকা বুলি সূত্রই প্রকাশ কৰিছে। ডকাইতি, অপহৰণ, ধনদাবী আদিৰে দীর্ঘদিন ধৰি জিলাখনত ৰাজীবুলে সন্ত্রাস চলাই অহাৰ অভিযোগো উত্থাপন হৈছে।
