Asomiya Yuva Mancha Road block in Merapani: মেৰাপানীত নগা আগ্ৰাসনৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ পথ অৱৰোধৰে উত্তাল প্ৰতিবাদ

merapani 1

Asomiya Yuva Mancha Road block in Merapani:

অসম- নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীত নগা আগ্ৰাসনৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চৰ সদস্যই ৰূপায়ণ কৰে পথ অৱৰোধ কাৰ্যসূচী ৷ নগাৰ ধাৰাবাহিক আগ্ৰাসনৰ বিৰুদ্ধে যুৱ মঞ্চৰ প্ৰতিবাদী সদস্য সকলে বিভিন্ন নগালেণ্ড বিৰোধী বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷পথ অৱৰোধস্থলীৰ পৰা নগাক হুংকাৰ দি মঞ্চৰ নেতৃবৰ্গই কয়,নগাই যদি হাতত বন্দুক লয় তেতিয়া অসমীয়া যুৱ মঞ্চই বাৰুদ ল’বলৈ সাজু ৷ অসম চৰকাৰে অচিৰেই চুবুৰীয়া ৰাজ্য খনৰ চৰকাৰৰ স’তে আলোচনা কৰি এই সীমা সমস্যা সমাধান নকৰিলে অৰ্থনৈতিক অৱৰোধৰো হুংকাৰ প্ৰদান কৰে অসমীয়া যুৱ মঞ্চই।

Exit mobile version