GMC:
অৱশেষত এটি নিষ্পাপ শিশুৰ জীৱন কাঢ়ি নিলে গুৱাহাটীৰ উন্নয়নৰ লগত জড়িত কর্তৃপক্ষই।
গুৱাহাটীৰ উন্নয়নৰ নামত নিৰাপত্তাৰ দিশটোক ভেঙুচালি কৰি প্ৰশাসন আৰু নিৰ্মাণকাৰী সংস্থাই চৌদিশে গঢ়ি তুলিছে মৰণফান্দ। তাৰ ওপৰতে আকৌ বাট-পথেও লৈছে বিপজ্জনক ৰূপ। পদপথসমূহ হৈছে গুৱাহাটীৰ আন এক আতংকৰ কাৰণ।
পদপথৰ লোৰ ৰেলিংবোৰ হৈ পৰিছে মৰণফান্দ। চৌদিশে উন্মুক্ত পদপথ। কি নিৰ্মাণকাৰী সংস্থা, কি গুৱাহাটী উন্নয়ন বিভাগ, কি পৌৰ নিগম,কাৰোৰেই এইবোৰৰ প্ৰতি দায়িত্ব নাই। তাৰেই পৰিণতিত ইতিমধ্যে বহু লোকে অকালতে প্রাণ হেৰুৱাইছে। ঘটনা এটা সংঘটিত হোৱাৰ পাছত দুই-তিনি দিনৰ বাবে তথাকথিত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হয়। তাৰ পাছতে পুনৰ সকলো ফুচফাচ হৈ পৰে।
ইয়াৰে পৰিণতিত ফটাশিল আমবাৰী থানাৰ অধীনৰ আৰ্যনগৰত অর্ধনির্মিত অৱস্থাত থকা এটা পদপথৰ মাজৰ উন্মুক্ত অংশৰে সৰি পৰি এটি চাৰি বছৰীয়া শিশুৱে কৰুণ মৃত্যুক সাবটি লয়। অঞ্চলটোৰ বিবেকানন্দ বিদ্যালয়ৰ সমীপতে এই ঘটনা সংঘটিত হয়। শিশুটিৰ নাম সনিত কুমাৰ শ্বাহ।
উল্লেখ্য যে কালাপাহাৰ অঞ্চলত উৰণ সেতু আৰু নলা নিৰ্মাণৰ নামত নিৰাপত্তাৰ দিশটোক গৌণ কৰি ঠিকাদাৰী প্রতিষ্ঠানে একপ্ৰকাৰ তাণ্ডৱ চলাইছে। সচেতন ৰাইজে মাত মাতিলেও সেইবোৰলৈ কাণ দিয়াৰ কোনো গুৰুত্বই নাই। চৰকাৰৰ বিভাগবোৰতো কাণসাৰেই নাই। অথচ এইটো এটা অত্যন্ত ব্যস্ত পথ। দিনটোত হেজাৰ হেজাৰ যানবাহন এই পথটোত চলে।
উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পূৰ্বেই যানবাহন আৰক্ষী আৰু প্ৰশাসনৰ ফালৰ পৰা কিছু নির্দেশনা জাৰি কৰা হৈছিল যদিও কার্যক্ষেত্ৰত তাৰ প্ৰয়োগ নহ’ল। নলা আৰু উৰণ সেতুৰ কাম একেলগে চলি থকাৰ বাবে পথটোৰে খোজ কাঢ়ি যাবলৈয়ো বহুতৰে ভয় লাগে। সন্ধিয়া হ’লেতো একেবাৰে জৰুৰী নহ’লে পথটোৰে মানুহ যাব নিবিচাৰে।
দুঃসহ ঘটনাটো বুধবাৰে বিয়লি প্রায় তিনি বজাত সংঘটিত হয়। দুর্ভগীয়া শিশুটিয়ে অর্ধনির্মিত পদপথটোৰে গৈ থকা অৱস্থাত হঠাৎ উন্মুক্ত হৈ থকা অংশটোৰে তলত সৰি পৰে। এই ঘটনা কাৰো চকুত পৰা নাছিল। যেতিয়া শিশুটিৰ বিচাৰ-খোচাৰ আৰম্ভ হয়, তেতিয়াহে সমগ্র ঘটনাটো পোহৰলৈ আহে। সন্ধিয়া প্রায় ছয় বজাত ক্ষত-বিক্ষত কণমানিৰ নিথৰ শৰীৰটো নলাৰ তলৰ পৰা উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে উক্ত পথটোৰ লগতে পদপথটোতো ইতিপূর্বে কে’বাটাও দুর্ঘটনা সংঘটিত হৈছিল। কে’বাজনো লোক তেনে ঘটনাত আহত হৈছে। তাৰ পাছতো ঠিকাদাৰী সংস্থা, প্রশাসন, কাৰোৰে গা লৰা নাছিল। তাৰ পৰিণতিত পিতৃ-মাতৃৰ বুকু উদং কৰি এটি কণমানিৰ জীৱন চিৰদিনলৈ হেৰাই যায়।
