Blast: ✒️মহাৰাষ্ট্ৰৰ নাগপুৰত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ কাৰখানাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে বিস্ফোৰণত দুই কিলোমিটাৰ দূৰলৈকে বহু ঘৰৰ ক্ষতিসাধন কৰে।
প্ৰাপ্ত তথ্য অনুসৰি ঘটনাটোত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন লোক আহত হৈছে।
উল্লেখ্য যে,বৃহস্পতিবাৰে প্ৰায় ১২:৩০ বজাত নাগপুৰৰ ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডৰ এই দুৰ্ঘটনা সংঘটিত হয়। ই দেশৰ সৰ্ববৃহৎ ব্যক্তিগত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ কাৰখানা।
বিস্ফোৰণৰ উৰি যায় কাৰখানাটোৰ এটা দুমহলীয়া অট্টালিকা । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, জুইৰ শিখা ইমানেই ওখ হৈছিল যে ডেৰ কিলোমিটাৰ দূৰত্বৰ পৰা দেখা পোৱা গৈছিল।
আৰক্ষীয়ে জনোৱা মতে, নিহত লোকজনৰ নাম ময়ুৰ গনবীৰ। তেওঁ ফেক্টৰীৰ লেবৰেটৰীত কাম কৰিছিল।
বিস্ফোৰণৰ ফলত পৰীক্ষাগাৰৰ ধাতুৰ দুৱাৰখন তেওঁৰ ওপৰত পৰি যায়। যাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়।
এই বিস্ফোৰণত আহত হয় আন ২৫ জন শ্ৰমিক। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক।
