RANGIA :থাইলেণ্ডত ৰহস্যজনক ভাৱে মৃত্যু হোৱা আমিৰ হামজাৰ নিথৰ দেহ অৱশেষত পালেহি ৰঙিয়াৰ স্বগৃহলৈ

Sequence 011 1

RANGIA :

থাইলেণ্ডত ৰহস্যজনক ভাৱে মৃত্যুমুখত পৰা আমিৰ হামজাৰ নিথৰ দেহ অৱশেষত পালেহি ৰঙিয়াৰ স্বগৃহ ৷ গুৱাহাটীৰ পৰা স্বৰ্গৰথৰে আমিৰ হামজাৰ নিথৰ দেহ বাসগৃহত ৰখাৰ পিছতে শোকাকূল পৰিৱেশে বিৰাজ কৰে ৷  আমিৰৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ বাবে অগণন লোকৰ ভিৰ হয় আমিৰৰ বাসগৃহত ৷

উল্লেখ্য যে,২৮ আগষ্টত বন্ধুৰ সৈতে গুৱাহাটীৰ পৰা থাইলেণ্ড অভিমুখে ৰাওনা হৈছিল আমিৰ হামজা ৷ কিন্ত ৰহস্যজনকভাৱে দেশখনৰ ক্ৰাবি দ্বীপত উদ্ধাৰ হয় আমিৰৰ মৃতদেহ ৷

আনহাতে,মৃত যুৱকজনৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰে৷ এইক্ষেত্ৰত উচিত তদন্তৰ জৰিয়তে প্ৰকৃত ৰহস্য উদ্ঘাটন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উথ্বাপন পৰিয়াল তথা স্থানীয় লোকৰ ৷

Exit mobile version