Employee arrested for taking bribe:হেঙেৰাবাৰীত স্বাস্থ্যসেৱা সঞ্চালকালয়ত ঘোচ লৈ হাত দাঙিলে কৰ্মচাৰীয়ে

arrested

Employee arrested for taking bribe:

পুনৰ হাত দাঙিলে আৰু এজন চৰকাৰী কৰ্মচাৰীয়ে। মহানগৰীৰ হেঙেৰাবাৰীস্থিত স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক নৱজ্যোতি ডেকাই এজন লোকৰ পৰা ১০ হাজাৰ টকা উৎকোচ লওতেই হাতেলোটে আটক কৰে দুৰ্নীতি নিবাৰক কোষৰ এটা দলে ৷ ধৃত ডেকা স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ বাজেট শাখাৰ কৰ্মচাৰী আছিল ৷ তেওঁৰ বিৰুদ্ধে বিভিন্ন সময়ত দুৰ্নীতি অভিযোগ উদ্থাপন হৈ আহিছিল ৷ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ বাজেট শাখাত অভিযান অব্যাহত ৰাখিছে ৷

Exit mobile version