Guwahati Press Club election date announced:
গুৱাহাটীস্থ সাংবাদিকৰ বৃহত্তম অনুষ্ঠান ‘গুৱাহাটী প্ৰেছ ক্লাব’ৰ নিৰ্বাচন দিন ঘোষণা ৷ সেই অনুসৰি ৯ ছেপ্টেম্বৰত জাৰি হ’ব নির্বাচনী অধিসূচনা ৷
নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বীতা কৰিব বিচৰাসকলে ১০ ছেপ্টেম্বৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্র ৷ মনোনয়ন পত্র সংগ্ৰহৰ অন্তিম দিন ১২ ছেপ্টেম্বৰ ৷ আনহাতে প্ৰাৰ্থী সকলে মনোনয়ন দাখিল কৰিব পাৰিব ১৪, ১৫, ১৬ ছেপ্টেম্বৰত ৷ ১৮ ছেপ্তেম্বৰত মনোনয়ন পৰীক্ষাৰ দিন ধাৰ্য কৰাৰ বিপৰীতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১০ ছেপ্টেম্বৰ ৷ ভোটদান ১০ অক্টোবৰত হোৱাৰ বিপৰীতে ভোট গণনা হ’ব ১১অক্টোবৰত ৷ উল্লেখ্য যে,গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে প্ৰেছ ক্লাব নিৰ্বাচন সমিতিৰ অধ্যক্ষ গৌতম শৰ্মাই ৷
