The Bengal Files:’দ্যা বেংগল ফাইলছ’ মুক্তিৰ যুদ্ধঃ ৰাষ্ট্ৰপতিলৈ পল্লৱী যোশীৰ আবেদন

the bengal files

The Bengal Files:’

ভাৰতীয় চলচ্চিত্র জগতত বহুকেইবাৰ ইতিহাসৰ কাহিনী চলচ্চিত্ৰৰ মাজেৰে পৰিস্ফুটিত হৈছে। কিন্তু কেতিয়াবা ইতিহাসৰ সত্যই বিতৰ্কৰো সৃষ্টি কৰে। বিবেক অগ্নিহোত্রীৰ নতুন ছবি দ্যা বেংগল ফাইলছো এতিয়া তেনে এটা পর্যায়তে আছে। পাঁচ ছেপ্টেম্বৰতে মুক্তিৰ কথা ঘোষণা হোৱা এই ছবিখন পশ্চিমবংগত আৰম্ভ হৈছে এক নতুন বিতৰ্কৰ অধ্যায়।

ছবিখনৰ মুক্তিৰ পূর্বেই পশ্চিমবংগৰ একাধিক মল্টিপ্লেক্সৰ পৰা আঁতৰাই দিয়া হ’ল প্ৰদৰ্শনৰ সময়সূচী। ৰাজনৈতিক চাপ, ধমকি আৰু বহু নিষেধাজ্ঞাৰ বাবে বর্তমান চাপত আছে ছবি নির্মাতা। আনুষ্ঠানিক প্রতিবন্ধকতা নহ’লেও, অদৃশ্য শক্তিৰে ছবিখনক আঁতৰাই ৰখা হৈছে।

এই পৰিস্থিতিত ছবিখনৰ প্রডিউচাৰ আৰু অভিনেত্রী পল্লৱী যোশীয়ে খোদ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুলে এখন চিঠি লিখি আবেদন জনাইছে। ইনস্টাগ্রামও প্রকাশ কৰা চিঠিখনত তেওঁ লিখিছে-‘আমি বিশেষ একো নিবিচাৰো কেৱল ন্যায্য সুৰক্ষা বিচাৰিছো। চলচ্চিত্র কেৱল এক শিল্প নহয়, ই হ’ল ইতিহাসৰ প্রতিফলন। পশ্চিমবংগত ছবিখন মুক্তি নকৰিবলৈ মল্টিপ্লেক্স মালিকসকলক ভয় দেখুওৱা হৈছে। বহু আগতে মুখ্যমন্ত্ৰীয়ে ছবিখনৰ উপহাস কৰিছিল, মিছা এফআইআৰ ৰুজু কৰা হৈছিল। ট্ৰেইলাৰ প্ৰচাৰ কৰোতে বাধা দিয়া হৈছিল। সংবাদপত্রই ছবিখনৰ বিজ্ঞাপন নল’বলৈ বাধ্য হৈছে। আমাৰ পৰিয়াললৈ প্রতিদিনে ধমকি আহি আছে।’

তেওঁৰ চিঠিৰ অন্তিম অংশত হৃদয়স্পর্শী আবেদন- ‘মাননীয়া ৰাষ্ট্ৰপতি, আপুনি সমাজৰ তলৰ পৰা দেশৰ শীৰ্ষলৈ অহা এগৰাকী মহিলা। আপোনাৰ জীৱনৰ কথাই প্রমাণ যে আপোনাৰ জীৱনৰ পৰা পোৱা বেদনা অতিক্রমী কিমান শক্তিশালী হৈ পৰিছে। আপুনি মোৰ শেষ আশা। অনুৰোধ, সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰক আৰু ছবিখন শান্তিপূর্ণভাৱে মুক্তিৰ পথ মুকলি কৰক।’ দ্যা বেংগল ফাইলছ হৈছে বিবেক আগ্নিহোত্ৰীৰ বহুল আলোচিত ফাইল ট্রেজেডীৰ অন্তিম খণ্ড। প্রথমখন আছিল লালবাহাদুৰ শাস্ত্রী মৃত্যুৰ ৰহস্য। দ্বিতীয়খন ‘দ্যা কাশ্মীৰ ফাইলছ’- কাশ্মীৰি পণ্ডিতৰ বেদনা আৰু এতিয়া ‘দ্যা বেংগল ফাইলছ’- য’ত ডাইৰেক্ট এক্সন ডে, নোৱাখালী হত্যাকাণ্ড আৰু বিভাজনৰ শোকগাঁথা প্রতিফলিত হৈছে। এই ছবিখনত অভিনয় কৰিছে মিঠুন চক্রবর্তী, অনুপম খেৰ, দৰ্শন কুমাৰ, শিমৰত কৌৰ, শাশ্বত চট্টোপাধ্যায়, পুনীত ইস্কৰ দিগন্তপ্ৰসাৰ আদিয়ে। কলকাতাত ছবিখনৰ ট্ৰেইলাৰ অনুষ্ঠান বন্ধ কৰি দিছিল আৰক্ষীয়ে। সেই দিনৰ পৰাই বিতৰ্কৰ শেষ হোৱা নাই।

পশ্চিমবংগ চৰকাৰৰ ভূমিকা লৈ বহুত প্রশ্ন উঠিছে। অভিনেতা ভিক্টৰ বেনার্জীসহ বহু বুদ্ধিজীৱী আৰু সংগঠনেও ৰাষ্ট্ৰপতিগৃহলৈ আবেদন জনাইছে। এইখন কেবল এখন ছবি নহয়, ই হৈ পৰিছে অভিনয়ৰ স্বাধীনতা বনাম ৰাজনৈতিক প্ৰভাৱৰ যুদ্ধক্ষেত্র। পল্লৱী যোশীৰ আবেদনক লৈ ৰাষ্ট্ৰপতিগৃহ আৰু কেন্দ্ৰীয় চৰকাৰে কেনে পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয় ৷

Exit mobile version