Dergaon:
সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ দিনটোত দেৰগাঁৱত বাপুজী মন্দিৰ আৰু দেৰগাঁও সমজিলা প্ৰশাসন আৰু বহুকেইটা দল সংগঠনৰ উদ্যোগত এহেজাৰ শিল্পীৰ একেলগে সুধাকণ্ঠৰ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধা নিবেদিলে । এই বিশেষ অনুষ্ঠান উপলক্ষে বাপুজী মন্দিৰৰ সমীপত পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত লোকে লোকাৰণ্য হৈ পৰা বিভিন্ন স্থানৰ পৰা অহা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে । এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ লগতে বহুকেইটা ৰাজনৈতিক দলৰ বিষয় ববীয়াই একেখন মঞ্চতে একত্ৰিত হৈ সুধাকণ্ঠক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। অন্যহাতে দেৰগাঁও সমজিলা প্ৰশাসনৰ লগতে বাপুজী মন্দিৰ পৰিচালনা সমিতিৰ এনে প্ৰংশসনীয় পদক্ষেপক সকলো শলাগ লয় ।
