Tezpur: তেজুপুৰত মানৱ শৃংখলৰ জৰিয়তে সহস্ৰাধিক জনতাই গালে ‘মানুহে মানুহৰ বাবে’ গীত

tez 1

Tezpur:

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বছৰযোৰা কাৰ্যসূচী আজিৰে পৰা ৰাজ্যজুৰি শুভাৰম্ভনি হয়। সমগ্ৰ ৰাজ্যৰ লগতে  তেজপুৰতো ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সমিতি তেজপুৰৰ উদ্যোগত আয়োজন কৰা হয় বিশ্ববিশ্ৰুত শিল্পীজনাৰ বিশেষ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ যাযাবৰী শিল্পী গৰাকীৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণৰ পিছতে বিভিন্ন আনুষ্ঠান – প্ৰতিষ্ঠান ,শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তি বিশেষে ৰাজপথৰ দুয়োকাষে মানৱ শৃংখলৰ জৰিয়তে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে ৷ অনুষ্ঠানত অংশ লয় কলাগুৰু বিষ্ণুৰাভাৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক আৰু জিলা আয়ুক্তই ৷

Exit mobile version