য়েমেনত হাউথী ঘাটিত পুনৰ ইজৰাইল আক্ৰমণ, ৩৫ জন লোকৰ মৃত্যু 

Untitled 1 41

Israel:✒️কিছুদিন পূৰ্বে হাউথী প্ৰধানমন্ত্ৰীৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ য়েমেনে ইজৰাইলৰ ওপৰত ড্ৰ’ন আক্ৰমণ চলাইছিল। এতিয়া প্ৰত্যাঘাত কৰিলে টেল আভিভে ।

বুধবাৰে য়েমেনৰ ৰাজধানী ছানাত ভয়াৱহ বিমান আক্ৰমণ চলায় ইজৰাইলে।

ঘটনাটোত অন্তত ৩৫ জন লোকৰ মৃত্যু হৈছে। আমেৰিকাৰ উদ্যোগত হাউথী আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ইতিমধ্যে ভাঙিছে। আশংকা কৰা হৈছে যে টেল আভিভৰ এই নতুন আক্ৰমণে সংঘাত আৰু অধিক তীব্ৰতৰ কৰি তুলিব।

য়েমেনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে ইজৰাইলী বাহিনীয়ে ৰাজধানী ছানা আৰু আল জাউফত গোলাবৰ্ষণত কমেও ৩৫ জন লোক নিহত আৰু ১৩১ জন আহত হয়।

ইজৰাইলৰ এই আক্ৰমণত বহু ঘৰ-দুৱাৰ আৰু চিকিৎসালয়ৰ ক্ষতিসাধন হয়। হাউথীৰ মুখপাত্ৰ ইয়াহিয়া ছাৰীয়ে কয় যে, “হাউথীয়ে ইজৰাইলৰ আক্ৰমণক প্ৰতিহত কৰিছে। তেওঁলোকৰ বিমানত লক্ষ্য কৰি কেবাটাও চাৰৰ্ফেছ- টু-এয়াৰ মিচাইল নিক্ষেপ কৰিছিল।তাৰ পাছত দ্ৰুতগতিত তেওঁলোকে পিছুৱাই যায়।

Exit mobile version