CP Radhakrishnan Oath:দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণণৰ। শপত বাক্য পাঠ কৰোৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , গৃহমন্ত্ৰী সহ বিৰোধী দলৰ নেতৃবৰ্গ

vp 1 1

CP Radhakrishnan Oath:

চি পি ৰাধাকৃষ্ণন দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ল । শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাধাকৃষ্ণনক শপত বাক্য পাঠ কৰায় ।

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ , বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰাক্তন ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি বহু নেতা উপস্থিত থাকে। উপ- ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগৰ পিছত প্ৰথমবাৰৰ বাবে ধনখৰে কোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অৱশ্যে চি পি ৰাধাকৃষ্ণনে উপ-ৰাষ্ট্ৰপতি পদ লাভ কৰাৰ সময়ত জগদীপ ধনখৰে শুভেচ্ছা জনায়। স্বাস্থ্যজনিত কাৰণত ধনখৰে ২১ জুলাইত পদত্যাগ কৰিছিল।

আনহাতে শপতগ্ৰহণৰ পিছত দিনৰ ১২:৩০ বজাত উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে ৰাজ্যসভাৰ সকলো নেতাৰ সৈতে বৈঠকত মিলিত হ’ব। বৃহস্পতিবাৰে সন্ধিয়া এই কথা ঘোষণা কৰা হয় ৷ উল্লেখ্য যে,ইণ্ডিয় এলায়েন্স প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি উপ- ৰাষ্ট্ৰপতিহিচাপে জয়লাভ কৰিছিল এনডিএ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে। মঙলবাৰে ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ৰাধাকৃষ্ণন। তেওঁ ৪৫২টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে লাভ কৰে ৩০০টা ভোট।

Exit mobile version