Tezpur:তেজপুৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

deadbody

Tezpur:

তেজপুৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ ৷ তেজপুৰ একাডেমি উচ্চতৰ মাধ্যমিকৰ সমীপৰ এজোপা গছত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে বাব্লি গোৱালা নামৰ লোকজনৰ মৃতদেহ ৷

৫২বছৰীয়া লোকজনৰ ঘৰ আছিল চহৰৰে গাৰোৱানপট্টি অঞ্চলত ৷ বিয়ায়ে সবাহে মাজে সময়ে কাৰিকৰৰ যোগালি হিচাপে কাম কৰা বাব্লি অত্যন্ত সুৰাসক্ত আছিল ৷ প্ৰায়ে এই স্থানতে দিনটো বহি থকা বাব্লিৰ মৃতদেহ আজি পুৱা প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা একাংশ লোকে দেখা পায় ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে টিএম চি এইছলৈ ৷

Exit mobile version