West karbianglong:
নৰকসদৃশ অঞ্চলৰ নৰকযন্ত্ৰণা, কাৰ্বি আংলঙৰ পাহাৰবাসী ৰাইজে হয়তো আজিও বুজি নাপায় উন্নয়ন আৰু বিকাশ কি? কাৰণ উন্নয়ন আৰু বিকাশে আজিও স্পৰ্শ কৰিব পৰা নাই দুৰ্গম পাহাৰীয়া অঞ্চলবোৰক। পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদীয় আমৰেং সমষ্টিৰ ৰংমানপী গাঁৱৰ সুচল বাটপথ, দলং আদিৰ অভাৱত এগৰাকী ৰোগীয়া মহিলাক সাঙিত তুলি ঘন হাবিৰ লুংলুঙীয়া বাটেৰে নিব লগা হৈছে চিকিৎসালয়লৈ।
