Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

কৃত্ৰিম বানৰ কৱলত গুৱাহাটীৰ অধিকাংশ অঞ্চল,

flood 2

Artificial Flood in Guwahati:

দিছপুৰে সততে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি আহিছিল যদিও আজিকোপতি হৈ নুঠিল চৰকাৰৰ সেই প্ৰতিশ্ৰুতি ৷ এজাক মুষলধাৰ বৰষুণ দিলেই ডুব যায় মহানগৰৰ অধিকাংশ অঞ্চল ৷ দেওবাৰে আবেলি অহা এজাক বৰষুণে মহানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰাৰ লগতে মহানগৰ গুচি যেন মহাসাগৰ সদৃশ হ’ল গুৱাহাটী। চান্দমাৰি পথ,হাতীগাঁও,ৰুক্মিণীগাঁও,ৱায়াৰলেছ,ছাৰ্ভে ,হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথত একাঁঠু পৰ্যন্ত পানী হোৱাত দীর্ঘসময় ধৰি যাতায়াত বন্ধ হৈ পৰে ৷ কাহিলীপাৰা পথত দুই-এখন বাহনে সাহস কৰি পানী ফালি আগুৱাই যাবলৈ চেষ্টা কৰে যদিও মাজবাটতে বাহনসমূহ বিকল হৈ পৰে।

উল্লেখ্য যে কালি দেওবাৰ বুলি বজাৰলৈ আহি ঘৰলৈ ওভতাৰ পথত সম্মুখীন হোৱা এই পৰিৱেশে বহুজনক বাৰুকৈয়ে জুলা-কলা খোৱালে। বিশেষকৈ গণেশমন্দিৰ আৰু কাহিলীপাৰা সংযোগী পথৰ জটিয়াস্থিত পথছোৱাত একঁকাল পর্যন্ত পানী উঠাত দীর্ঘ সময় ধৰি যাতায়াত স্তব্ধ হৈ পৰে। ফলত সংশ্লিষ্ট পথৰ সংলগ্ন উপ-পথসমূহতো তীব্র যানজটৰ সৃষ্টিৰ হয়। আনহাতে, আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নামঘৰসমূহত ব্যাপক আয়োজন চলিছিল আৰু প্ৰৱল বৰষুণজাকৰ লগতে কৃত্রিম বানে বহুস্থানত জন্মাষ্টমী উদ্যাপনত ব্যাঘাত জন্মাই। বিশেষকৈ ৰুক্মিণীগাঁৱত কে’বাটাও নামঘৰত পানী সোমোৱাত জন্মাষ্টমী পালন কৰিব পৰা নগ’ল। ফলত বহু পৰিমাণৰ খাদ্য-সামগ্রী নষ্ট হৈ পৰিল।

আজি যদিও বৰষুণ নাই ৷ বতৰ ডাৱৰীয়া ৷ তথাপিও অঞ্চল কেইটাত পুৱাৰে পৰা পৰিস্থিতি অপৰিৱৰ্তিত হৈয়ে আছে ৷ ফলত পুৱা স্কুল অফিচ – কাছাৰীলৈ যাবলগীয়া শিক্ষাৰ্থী – চৰকাৰী- বেচৰকাৰী কৰ্মচাৰীৰ লগলে আন আন লোকসকল নানা আহুকালৰ সন্মুখীন হয় ৷ একাঠু পানী খচকি নিজি কৰ্মস্থলীলৈ যাবলগীয়া হয় ৷

কৃত্ৰিম বানৰ সমস্যা কিঞ্চিতমানো সমাধান নহ’ল বৰঞ্চ পূৰ্বৰ তুলনাত এই কৃত্ৰিম বানৰ সমস্যাই অধিক ভয়াৱহ ৰূপহে ধাৰণ কৰিছে ৷কৃত্রিম বানত অতিষ্ঠ হৈ পৰিছে গুৱাহাটীবাসী। এই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰখন চূড়ান্তভাৱে ব্যর্থ হোৱাৰ অভিযোগ তুলি নাগৰিকসকলে ৰাজহুৱাকৈ ক্ষোভ প্রকাশ কৰি আহিছে। বেলতলাৰ ছাৰ্ভেত বহুকেইজন স্থানীয় বাসিন্দাই সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজে চিঞৰি চিঞৰি ভাগৰি পৰিছে। কাক ক’ব, কোনো শুনিব? দিনক দিনে এই সমস্যা অধিক ভয়াৱহে হৈ পৰিছে।

Exit mobile version