কেৰালাত এক দশকত শিক্ষাৰ্থীৰ আত্মহনন ৫০ শতাংশ বৃদ্ধি 

images 2 4

Kerela:✒️কেৰালাত শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। পৰিসংখ্যা অনুসৰি ৰাজ্যখনত যোৱা এক দশকত শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা প্রায় ৫০ শতাংশ বৃদ্ধি পালে।

কেৰালা বিধানসভাত দাখিল কৰা চৰকাৰী পৰিসংখ্যাত উল্লেখ কৰা অনুসৰি, ৰাজ্যখনত জানুৱাৰী ২০২১ৰ পৰা মার্চ ২০২৫ৰ সময়ছোৱাত ৩৯,৯৬২ জন লোকে আত্মহত্যা কৰিছিল।

২০২১ত ৰাজ্যখনত ৬,২২৭ আৰু ২০২৩ত ১০,৯৯৪ জন লোকে আত্মহত্যা কৰিছিল। অৱশ্যে আত্মহননকাৰী সকলো লোক শিক্ষার্থী নাছিল যদিও সৰহসংখ্যকে অধ্যয়নৰত ছাত্র-ছাত্রী আছিল।

নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ (এনচিআৰবি)ৰ পৰিসংখ্যা অনুসৰি, ২০২২ বৰ্ষত ভাৰতত ১৩,০৪৪ জন শিক্ষার্থীয়ে আত্মহত্যা কৰিছিল। কেৰালাত কোঝিকোড়ত ২০২২-২৩ শৈক্ষিক বর্ষত ৫৩ শিক্ষার্থীয়ে আত্মহত্যা কৰিছিল।

Exit mobile version