মঙল নহয়, আন এটা গ্রহ হ’ব পাৰে মানুহৰ নতুন ঠিকনা

IMG 20250917 105004

Mars:✒️৪০ আলোকবর্ষ দূৰৰ এটা সৰু তথা শীতল নক্ষত্রক প্রদক্ষিণ কৰি আছে ‘ট্রেপিষ্ট-১’ নামৰ এটা গ্রহে। নতুন গৱষণাত দেখা গৈছে যে এই পৃথিৱী-সদৃশ গ্ৰহটোৰ চাৰিওকাষে হয়তো এক বায়ুমণ্ডল বিদ্যমান। গ্ৰহটোৱে যেতিয়া তাৰ নক্ষত্ৰৰ সম্মুখেৰে অতিক্রম কৰে, তেতিয়াই জেমছ ৱেব স্পেচ টেলিস্কোপবে চাৰিবাৰ পৰ্যবেক্ষণ কৰা হয়।সেই তথ্যৰ পৰাই বিজ্ঞানীসকলে গ্ৰহটোৰ বায়ুমণ্ডলৰ সম্ভাব্য চিহ্ন বিচাৰি পায়।

প্রাথমিকভাবে বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে গ্ৰহটোৰ চাৰিওকাযে হাইড্র’জেন-প্রধান ঘন বায়ুমণ্ডল নাই। অবশ্যে এতিয়াও সুনির্দিষ্টভাবে কোৱা সম্ভব নহয় যে তাত ঠিক কি ধৰণৰ গেছ আছে বা আকৌ একেবাৰে সাধাৰণ বায়ুমণ্ডল আছে নেকি।

এই গৱেষণা পৰিচালনা কৰিছে স্পেচ টেলিস্কোপ ছায়েন্স ইনষ্টিটিউটৰ নেষ্টব এস্পিন’জা আৰু জেডব্লিউএছটিৰ টেলিস্কোপ ছায়েন্টিস্ট টীমে।

ট্রেপিষ্ট-১ হৈছে এটা বেড ডুয়ার্ফ ষ্টাৰ। আকাৰত সৰু, তুলনামূলকভাবে ঠাণ্ডা হ’লেও ই প্রায়েই জ্বলি উঠে বা দাগ তৈয়াৰ কৰে। এই পৰিৱৰ্তনশীল আচৰণে বায়ুমণ্ডল বিচাৰি বাহিৰ কৰাৰ কামত জটিলতাৰ সৃষ্টি কৰে। কাৰণ নক্ষত্ৰৰ পোহৰত এই উঠানমাই প্রায়েই গ্ৰহৰ সংকেতক ঢাকি দিয়ে বা বিভ্রান্ত কৰে।

ট্রেপিষ্ট-১ তাৰ নক্ষত্রৰ বাসোপযুক্ত অঞ্চলত অৱস্থিত, তাত পানী থকাৰ দৰে চাপ আৰু তাপমাত্রা বিদ্যমান হ’ব পাবে। অৱশ্যে নক্ষত্ৰৰ ঘন ঘন বিস্ফোৰণে যি কোনো বায়ুমণ্ডলক সময়ৰ স’তে ক্ষতিগ্রস্ত কৰিব পাৰে। গ্রহটোৱে যেতিয়া নক্ষত্রৰ সম্মুখেৰে যায়, তেতিয়া কিছু পোহৰে তাৰ বায়ুমণ্ডল ভেদ কৰি আহে।

এই পোহৰৰ ভিতৰতে লুকাই তাকে গেছৰ আণবিক ‘ফিংগাৰপ্রিন্ট’। এই প্রক্রিয়াক কোৱা হয় ‘ট্রান্সমিচন স্পেক্ট’স্প’পি’। ৱেবৰ NIRSpec যন্ত্ৰৰে ২০২৩৩ চাৰিবাৰ এনে ট্রানজিট ৰেকৰ্ড কৰা হয়, য’ত পানীৰ বাষ্প, মিথেন বা কার্বন ডাই-অক্সাইডৰ চিহ্নৰ সন্ধান কৰা হয়।

যদি হাইড্র’জেনসমৃদ্ধ প্রাথমিক বায়ুমণ্ডল থাকিলেহেঁতেন, তেন্তে সেয়া স্পষ্টভাবে দৃশ্যমান হ’লহেঁতেন; কিন্তু সম্প্রতি ডেটাই সেয়া বাতিল কৰিছে। ইয়াৰ ফলত এতিয়া বিজ্ঞানীসকলে ধাৰণা কৰিছে যে হয়তো গ্রহটোত নাইট্ৰ’জেন-সমৃদ্ধ গধুৰ গেছৰ দ্বিতীয়িক বায়ুমণ্ডল আছে, যি পৃথিবীৰ দৰেই দীর্ঘস্থায়ী চাপ বজাই ৰখাত সক্ষম। অৱশ্যে এইটো নিশ্চিতভাবে ক’ব পৰা হোৱা নাই, কাৰণ এতিয়াও ই বায়ুহীন পাথৰৰে নির্মিত গ্রহ হোৱাৰ সম্ভাবনাকো উলাই কৰিব নোৱাৰি।

নক্ষত্ৰৰ অস্থিৰতাই যাতে ভুল সংকেত নিদিয়ে, তাৰ বাবে বিজ্ঞানীসকলে ব্যৱহাৰ কৰিছে (Gaussian Processes)। সেয়া হৈছে একপ্ৰকাৰৰ পৰিসংখ্যানিক মডেল। ই নক্ষত্ৰৰ পোহৰৰ স্বাভাৱিক উঠা-নমাক চিনাক্ত কৰি তাক বাদ দিয়ে আৰু বাৰে বাৰে দেখা দিয়া পেটার্ণক গ্ৰহৰ সম্ভাব্য সংকেতৰূপে ধৰি ৰাখে। বায়ুমণ্ডল থকা মানেই জীৱন নহয়, অৱশ্যে ই গ্রহৰ তাপমাত্রা আৰু পৰিৱেশক নিয়ন্ত্রণ কৰে।

এমআইটিৰ গৱেষক আনা গ্লিডেনে কয়, ‘আমি ধৰি লৈছো যে গ্রহটো সম্পূর্ণ বায়ুহীন নহয়। তেনেহ’লে কি ধৰণৰ বায়ুমণ্ডল থাকিব পাৰে? সেইবোৰে কি পৃষ্ঠত পানী থকাৰ সুযোগ সৃষ্টি কৰে?’ আনহাতে, ছেইন্ট এন্ড্রজ বিশ্ববিদ্যালয়ৰ বায়ান মেকড’নাল্ডে কয়, ‘সবাতোকৈ উত্তেজনাপূর্ণ সম্ভাবনা হ’ল ট্রেপিষ্ট-১ গ্রহে হয়তো নাইট্র ‘জেন-সমৃদ্ধ গধুৰ বায়ুমণ্ডল ধাৰণ কৰিছে। অৱশ্যে এতিয়াও নিশ্চিত হ’ব পৰা নাই। ই হয়তো কেবল বায়ুশূন্য শিলাময় গ্রহো হ’ব পাৰে।’

Exit mobile version