Accident in Jakhalabondha:
ৰাজ্যজুৰি আৰম্ভ হোৱা বিশ্ব খনিকৰ বিশ্বকর্মা পূজাৰ আনন্দ উলাহৰ মাজতে কলিয়াবৰত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় দুই বাইক আৰোহী৷
কলিয়াবৰত ভোমোৰাগুৰিত বিপৰীতমুখী দুখন দ্ৰতবেগী বাইকৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত দুই আৰোহী বহু দূৰলৈ চিটিকি পৰে আৰু থিতাতে প্ৰাণ যায় ৷ আন এজন আৰোহী গুৰুতৰভাৱে আহত হয় ৷ তেওঁক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় কলিয়াবৰ অসামৰিক চিকিৎসালয়লৈ ৷ নিহত যুৱকদ্বয়ৰ নাম ৰামু নমো দাস আৰু সাধন দাস ৷
আনহাতে দুৰ্ঘটনা সংঘটিতৰ পিছতে জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
