Guwahati Gangrape Incident:মহানগৰীত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা

ত্ৰিপুৰাৰ এগৰাকী কিশোৰীক মণিপুৰৰ দুই কিশোৰে বল্যাৎকাৰ কৰাৰ অভিযোগ , প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ জালত দুই ধৰ্ষণকাৰী

rape 1

Guwahati Gangrape Incident:

নিশা হ’লেও যেন ৰঙীয়ান হৈ পৰে গুৱাহাটী মহানগৰী ৷ স্বল্পবসনা যুৱতী আৰু যুৱকে সুৰাত মগন হৈ প্ৰায়বোৰ ডিস্কো বাৰত উদ্যাম নৃত্যৰে এক অশুভ পৰম্পৰাৰ সৃষ্টি কৰি আহিছে ৷ যাক লৈ চিন্তিত মহানগৰৰ সচেতন নাগৰিক ৷

এনে ঘটনাক্ৰমৰ মাজতে মহানগৰীত সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণৰ ঘটনা ৷ ত্ৰিপুৰাৰ এগৰাকী কিশোৰীক দুই মণিপুৰৰ কিশোৰে বল্যাৎকাৰ কৰাৰ গুৰতৰ অভিযোগ উদ্থাপিত হৈছে ৷ মণিপুৰৰ কিশোৰ দুজন পানীখাইতীৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৷ ১৩ ছেপ্টেম্বৰত একেলগে নৈশ পার্টী কৰিছিল ভুক্তভোগী কিশোৰী আন চাৰি কিশোৰী সহ কে’বাজনো কিশোৰী ৷ কিন্ত সেই পাৰ্টিৰ মাজতে কিশোৰী গৰাকী দুই বন্ধুৰ কামনাৰ বলি হয় ৷

ভুক্তভোগী কিশোৰী গৰাকীয়ে শনিবাৰে বন্ধু কিশোৰদ্বয়ৰ বিৰুদ্ধে মহানগৰীৰ পাশ্বৱৰ্তী প্ৰাগজ্যোতিষপুৰ থানাত দাখিল কৰে এজাহাৰ ৷ এজাহাৰত উল্লেখ কৰা মতে ১৩ ছেপ্তেম্বৰত তেওঁ আৰু আন চাৰি কিশোৰী সহ কে’বাজনো বন্ধুৰ স’তে পানীখাইতীৰ এটা অট্টালিকাৰ ৭নং মহলাত কৰিছিল নৈশপাৰ্টি ৷ পাৰ্টিৰ মাজতে ভুক্তভোগী কিশোৰী গৰাকী এটা কোঠালিত শুব যাওঁতে সুৰাৰ ৰাগিত মাতাল হৈ থকা এজন কিশোৰ বলপূৰ্বক ভাৱে সোমাই যায় ৷ লগে লগে কিশোৰী গৰাকী ওলাই যাব বিচাৰে যদিও আন চাৰি মাতাল কিশোৰীয়ে ওলাই অহাত বাধাৰোপ কৰে ৷ ইয়াৰ পিছতে মণিপুৰৰ কিশোৰ দুজন সোমাই গৈয়ে অসৎ কাৰ্য চৰিত্ৰাৰ্থ সংঘটিত কৰে ৷

আনহাতে আৰক্ষীয়ে যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই ধৰ্ষণকাৰী দুই মণিপুৰৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আন তিনি ছাত্ৰকো সোধপোছ বাবে থানালৈ আনে আৰক্ষীয়ে ৷ প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে Bns u/s 70(1)3(5) ধাৰাৰ অধীনত 125/25 নম্বৰত ৰজু কৰিছে গোচৰ ৷

Exit mobile version