Tezpur:
তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড ৷ জুই আৰু ধোঁৱাই আগুৰি ধৰে মিচন চাৰিআলিস্থিত ‘নিজ’ন বিস্কুট’ ফেক্টৰী ৷ ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় নিজ’ন বিস্কুট’ ফেক্টৰী গুদাম ঘৰটো ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ বহু কেইখন গাড়ী উপস্থিত হৈ অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ শ্বৰ্টচাৰ্কিটৰ ফলত জুইৰ সূত্রপাতৰ সন্দেহ অগ্নিনিৰ্বাপক বাহিনী আৰু তেজপুৰ আৰক্ষীৰ ৷
