Pennsylvania:✒️বন্দুকধাৰীৰ আক্ৰমণত পুনৰ ৰক্তাক্ত আমেৰিকা। আমেৰিকাৰ পেনচিলভেনিয়াত এজন বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত তিনিজন আৰক্ষী বিষয়া নিহত হোৱাৰ লগতে আহত হয় দুজন।
আৰক্ষীৰ স’তে হোৱা গুলীচালনাত বন্দুকধাৰীজনৰ থিতাতে মৃত্যু হয়।
আৰক্ষী সূত্ৰৰ মতে,এটা তদন্তৰ বাবে ক’ড’ৰাছ টাউনশ্বিপৰ হাৰ ৰোডলৈ গৈছিল পাঁচজন আৰক্ষী বিষয়া। অভিযোগ অনুসৰি, তেওঁলোক তাত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে এজন দুষ্ট চক্ৰই তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে।
তথ্য লাভ কৰাৰ পাছতে অধিক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। কিছুসময় দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ অন্তত অৱশেষত বন্দুকধাৰীজন নিহত হয়।
অৱশ্যে বন্দুকৰ যুঁজত তিনিজন আৰক্ষীও নিহত হয়। যদিও তেওঁলোকৰ ওপৰত আক্ৰমণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বন্দুকধাৰীজনৰ পৰিচয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাত আৰু দুজন আৰক্ষী আহত হয়। তেওঁলোকক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি তাত চিকিৎসাধীন হৈ আছে।
