AASU:সৰুসজাইত চিৰনিদ্ৰাত জনকণ্ঠ জুবিন গাৰ্গ

আছুৰ নেতৃবৰ্গৰ শ্রদ্ধাঞ্জলি জ্ঞাপন সৰুসজাইত

aasu

AASU:

এটা অনুষ্ঠানত পৰিণত হোৱা লাখ লাখ অনুৰাগীক কাষত লৈ মহানগৰীৰ সৰুসজাই ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ চৌহদত চিৰনিদ্ৰাত অসমীয়া হিয়াৰ আমঠু জনকণ্ঠ জুবিন গাৰ্গ ৷ চাৰিওফালে জুবিনৰ জয়ধ্বনি- জয়জয়কাৰৰ মাজতে তেওঁৰ কন্ঠৰে নিগৰিত ইটোৰ পিছত সিটোকৈ কালজয়ী গীতৰ কোলাহয় ৷
প্ৰখৰ ৰ’দকো নেওচি আজিও ৰাজ্যৰ চৌদিশৰ পৰা অগণন গুণগ্ৰাহীৰ সোঁত বৈছে সৰুসজাই ক্ৰীড়া প্ৰকল্পলৈ ৷ চাৰিওফালে মানুহ আৰু মানুহ। সকলোৱে নিৰৱে শুই থকা জুবিন গাৰ্গক এপলক দৰ্শন আৰু শ্ৰদ্ধাঞ্জলী জনোৱাা উদ্দেশ্যৰে ভীৰ কৰিছেহি সৰুসজাই ৷

আজি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মৰকতাই সৰুসজাইত উপস্থিত হৈ সন্থাৰ পতাকাৰে জুবিন পাৰ্থিৱ শৰীৰ ঢাকি সংগ্ৰামী অভিভাদন জনায় জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জ্ঞাপনত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন ৷ আছুৰ সভাপতি উৎপল শৰ্মাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে শোকত ভাগি পৰে ৷

Exit mobile version