CID investigating:নগাঁও সদৰ থানাত উপস্থিত চিআইডিৰ ৪জনীয়া দল

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুক ৰহস্যজনক হত্যাকাণ্ডৰ সন্দেহত নগাঁৱত ৰজু হৈছিল কে'বাটাও গোচৰ

nagaon 2

CID investigating:

ছিংগাপুৰত অনুস্থিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰি নগাঁৱত ৰজু হোৱা চাৰিটা গোচৰৰ তদন্ত বাবে আজি নগাঁৱত উপস্থিত হয় চিআইডিৰ ৪ জনীয়া দল ৷

চিআইডিৰ দলটোৱে আটাইকেই গৰাকী এজাহাৰীক নগাঁও সদৰ থানালৈ আমন্ত্ৰণ কৰি এজন এজনকৈ ভাষ্য লিপিবদ্ধ কৰে। উল্লেখ্য যে এজাহাৰকাৰী কেইগৰাকীয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হোতা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিছিল ৷

Exit mobile version