Guwahati:সংগোপনেৰে নিশা ১১:২৪ বজাত ইণ্ডিগ’ বিমানেৰে গুৱাহাটীত উপস্থিত সিদ্ধার্থ শৰ্মা !

আত্মসমৰ্পণৰ সম্ভাৱনা !

today sidatha

Guwahati:

কণ্ঠ, সুৰ, কথাৰে বিশালতাৰ ছবি অকা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে শিল্পীসমাজে। নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ চূড়ান্ত অৱহেলাৰ বাবে প্রিয় শিল্পীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি বুধবাৰে দিছপুৰ আৰক্ষা থানাত এখন এজাহাৰ দাখিল শিল্পী সমাজে। শ্যামকানু, সিদ্ধার্থক গ্রেপ্তাৰ কৰিলেই নহ’ব, তেওঁলোকক ৰাইজৰ সন্মুখত থিয় কৰাব লাগিব বুলিও দাবী জনাই প্রতিবাদ সাব্যস্ত কৰে শিল্পীসমাজে। যোৱা ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰত ৰহস্যজনকভাৱে কৰুণ মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গ ৷
ইতিমধ্যে জুবিনৰ মৃত্যু ঘটনাক নাম সাঙোৰ খোৱা জুবিনৰ মেনেজাৰ সিদ্ধার্থ শর্মা ঘটনাৰ দিনাৰে পৰা আত্মগোপন হৈ থকাৰ পিছত যোৱা নিশা ১১:২৪ বজাত ইণ্ডিগ’ বিমানেৰে গুৱাহাটীত উপস্থিত হয় বুলি জানিব পৰা গৈছে ৷
6E6048 ইণ্ডিগ’ বিমানৰ 20D আসনত বহি গুৱাহাটীত উপস্থিত হয় যদিও বৰ্তমান ক’ত আত্মগোপন কৰি আছে জানিব পৰা হোৱা ৷ উল্লেখ্য যে,জুবিন মৃত্যু কাণ্ডৰে সিদ্ধার্থ শর্মা জড়িত থকাৰ সন্দেহ কৰি ৰাজ্যৰ থানাই থানাই জুবিন অনুৰাগী সকলে দাখিল কৰিছিল এজাহাৰ ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ঘটনাৰ তদন্তৰ বাবে চিআইডিক দায়িত্ব দিয়াৰ সমান্তৰালভাৱে বুধবাৰে গঠন কৰা হয় নজনীয়া এছ আইটিৰ বিশেষ টিম ৷
জুবিনৰ মেনেজাৰ সিদ্ধার্থ শর্মা গুৱাহাটীত উপস্থিত হৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰে বুলি বিভিন্ন মহলত প্ৰকাশ পাইছে ৷ এনেক্ষেত্ৰত চিআইডি বা এছআইটিৰ ভূমিকা আজি দিনটো কি হ’ব পাৰে ৷ তাৰ বাবে কৰিব লাগিব অপেক্ষা ৷
Exit mobile version