Shekhar goswami Arrested:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক গ্ৰেপ্তাৰ চিআইডিৰ ৷ মহানগৰীৰ গাড়ীগাঁৱৰ বাসগৃহৰ পৰা চিআইডিৰ এটা দলে গ্ৰেপ্তাৰ কৰে ৷ চিবিআইৰ দলটোৱে গেঞ্জী আৰু হাফপেণ্ট পৰিহিত শেখৰক বাসগৃহৰ আন এটা কোঠালৈ নিয়া হয় ৷ যিটো কোঠাত এসময়ত জুবিনৰ স’তে হৈছিল গানৰ আখৰা ৷ কোঠাটোত তন্নতন্নকৈ কৈ তালাচি চলোৱা হয় ৷ ইয়াৰ পিচতে শেখৰক চিবিআইয়ে লৈ যায় চিআইডি হেডকোৱাৰ্টাৰলৈ ৷ শেখৰক এছআইটিৰ বিষয়াই মাৰাথন জেৰা চলাব ৷
উল্লেখ্য যে,ছিংগাপুৰত অনুস্থিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিনৰ স’তে গৈছিল শেখৰ গোস্বামী৷ আনকি জুবিন গাৰ্গ সমুদ্ৰত সাঁতৰি থাকোতে শেখৰো আছিল সাতুঁৰি৷ ইয়াতে ৰহস্যজনকভাৱে কৰুণ মৃত্যুক সাৱটি হয় হাৰ্টথ্ৰৱ গৰাকী ৷
জুবিনৰ পাৰ্থিৱ শৰীৰ গুৱাহাটী অহাৰ পিছৰে পৰা শেখৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ সৰু সৰু ভিডিঅ’প্ৰদৰ্শন কৰি সময়ে সময়ে নিজৰ ভাষ্য সলনি কৰি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ প্ৰয়াস কৰিছিল ৷কিন্ত ইতিমধ্যে শেখৰে সদৰি নকৰি বহুবোৰ তথ্য ছ’চিয়েল মেডিয়াত ফাদিল হোৱাৰ পিছতে শেখৰৰ বিৰুদ্ধে জুবিন অনুৰাগীয়ে থানাই দিয়ে এজাহাৰ ৷ অৱশেষত ৰজু হোৱা গোচৰমৰ্মেই চিআইডৰ জালত পৰে শেখৰ গোস্বামী ৷
