Silpi Samaj:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু কাণ্ডৰে জড়িত সকলৰ বিৰুদ্ধে আজি চি আই ডিত দাখিল কৰে শিল্পী সমাজে ৷
জুবিন মৃত্যু ঘটনাৰে সাঙোৰ খোৱা সকলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত স্বাক্ষৰ কৰিছে অভিনেতা ৰবি শৰ্মা,যতীন বৰা ,সিদ্ধাৰ্থ শৰ্মা(কে কে),চলচ্চিত্ৰ পৰিচলক ৰাজেশ ভূঞা শংশাক সমীৰ, বিশিষ্ট সাংবাদিক -সাহিত্যিক মনোজ গোস্বামী,বিশিষ্ট চিকিৎসক ডা:হিতেশ ডেকা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,বৰষাৰাণী বিষয়া সহ ৩০ গৰাকী কলা- কুশলী আৰু সাংস্কৃতিক কৰ্মীয়ে ৷
