CID HQ:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ সৃষ্টি হোৱা গভীৰ ৰহস্যৰ তদন্তৰ অংশ ৰূপে চিআইডি আৰু এছআইটিয়ে শেখৰজ্যোতি গোস্বামী,নিশিতা গোস্বামী আৰু অমৃত প্ৰভা মহন্তক চিআইডি কাৰ্যালয়ত উপস্থিত থাকিবলৈ জাৰি কৰা চমন অনুযায়ী তিনিও গৰাকীয়ে সুকীয়া সুকীয়াকৈ আজি পুৱা উপস্থিত হয় চিআইডি হেড কোৱাৰ্টাৰত ৷
এছ আইটিয়ে তিনিওকে সুকীয়া সুকীয়াকৈ ভাষ্য গ্ৰহণ কৰে ৷ উল্লেখ্য যে ছিংগাপুৰলৈ জুবিনৰ স’তে গৈছিল জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী,অভিনেত্ৰী নিশিতা গোস্বামী আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত ৷ বৃহস্পতিবাৰে এছআইটিয়ে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ জালুকবাৰীৰ গাড়ীগাঁৱস্থ বাসগৃহত তালাচি চলাই কেতবোৰ সামগ্ৰী জব্দ কৰাৰ লগতে সোধপোছৰ বাবে আটক কৰিছিল গোস্বামীক ৷ অৱশ্যে সন্ধিয়ালৈ মুকলি কৰি দি আজি চিআইডি হেডকোৱাৰ্টাৰত হাজিৰৰ নিৰ্দেশ দিছিল ৷
মনকৰিবলগীয়া যে,জনতাৰ হৃদয়ৰ নিভৃত কোণত অৱস্থান কৰা শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে বিভিন্নজনৰ মুখা খুলি দিলে। পর্দাৰ আঁৰ কাপোৰ আঁতৰাই দিয়াৰ দৰে বহুতৰে তথাকথিত সম্ভ্রান্ত মুখৰ আঁৰৰ ক’লা চৰিত্ৰ প্রকট হ’ল।
