577th birth anniversary of Srimanata Sankardev:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৃহত্তৰ অসমীয়া জাতিৰ মাৰ্গদর্শক। অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি ৰখা,এই গৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ ৫৭৭ সংখ্যক জন্ম জয়ন্তীত আজি গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱা থানত দুদিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱ পালন কৰা হয়৷ পুৱাৰে পৰা কীৰ্তন ঘৰত খোল-তাল, হৰিনামৰ ধ্বনিত মুখৰিত থানৰ চৌদিশ ৷ ৰাজ্যৰ বিভিন্নস্থানৰ পৰা অগনন ভক্তৰ সোঁত বৈছে বটদ্ৰৱা থানলৈ ৷ বৈকুণ্ঠপুৰিলৈ পৰিণত হৈছে গুৰুজনাৰ ওপজাভূমি ৷
আনহাতে গুৰুজনাৰ ৫৭৭ সংখ্যক জন্ম জয়ন্তীত আজি সত্ৰনগৰী মাজুলীৰ সত্ৰ সমূহৰ লগতে গাঁও সমূহতো গুৰু বন্দনাৰে মুখৰিত হৈ পৰিছে।মাজুলীৰ সত্ৰ, গাঁও সমূহত পুৱা প্ৰসংগ ভাগৱত শোভাযাত্ৰা নামপ্ৰসংগ আদিৰে গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন কৰা পৰিলক্ষিত হৈছে।মাজুলীৰ লাহলিয়াল গাঁৱটো গাঁওবাসীয়ে ভাগৱত শোভাযাত্ৰা কৰি গাঁও খনত ভাগৱত পৰিভ্ৰমণ কৰে।ইয়াৰ পাছতেই নামঘৰত নাম প্ৰসংগ,গুৰু বন্দনা, হৰি নামৰ ধ্বনিয়ে মুখৰিত কৰি জগত গুৰু জনাৰ জন্ম জয়ন্তী উদযাপন কৰে।
একেদৰে তেজপুৰৰ ৰঙাপুখুৰীত আঞ্চলিক শ্ৰীমন্তশঙ্কৰদেৱ জন্মোসৱ উদযাপন সমিতিৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়া আৰম্ভ হৈছে গুৰুজনাৰ ৫৭৭ সংখ্যক জন্ম জয়ন্তী ৷
আজি পুৱা সত্ৰৰ পৰা উলিওৱা হয় প্ৰভাত ফেৰী, ইয়াৰ পিছতে পৰম্পৰাগত ভাবে আই সকলৰ নাম বাপু সকলৰ নাম। আজিৰে পৰা আৰম্ভ হ’ব অখণ্ড পালনাম। দুইদিন ধৰি অবিৰত পালনাম চলিব। চাৰি অক্টোবৰত সামৰণি পৰিব। সিদিনা ভাগৱত শোভাযাত্ৰা, ধৰ্মালোচনী সভা ভাওনা আদি অনুষ্ঠিত হ’ব।
