Zubeen Garg Death Case: অসমৰ পৰা স্থানান্তৰিত হ’ব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ !

গ্ৰেপ্তাৰৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত শ্যামকানুৱে কৰিছিল আবেদন

delhi 2

Zubeen Garg Death Case:

অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গক ছিংগাপুৰত ৰহস্যজনক মৃত্যু ঘটনাৰ মুল অভিযুক্ত শ্যামকানু মহন্তই চিআইডিয়ে দিল্লী এয়াৰপৰ্টত গ্ৰেপ্তাৰ কৰাৰ পিছতে ইতিমধ্যে ১৪দিনৰ বাবে আছে চিআইডিৰ লকআপত ৷
ফেষ্টিভেল মহন্ত গ্ৰেপ্তাৰৰ পিছত কেতবোৰ তথ্য পোহৰলৈ আহিছে ৷ গ্ৰেপ্তাৰৰ বাবে হাত সাৰিবলৈ ছিংগাপুৰত আত্মগোপন কৰি থকা অৱস্থাত অগ্ৰিম জামিনৰ বাবে গুৱাহাটীস্থ কে’বা গৰাকী জ্যেষ্ঠ অধিবক্তাৰে যোগাযোগ কৰিছিল যদিও অধিবক্তা কেই গৰাকীয়ে সদৌ অসম অধিবক্তা সন্থাই গোচৰৰ ওকালতি নকৰিবলৈ কৰা আহ্বানৰ দোহাই দি শ্যামকানুৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত কথা অৱগত কৰে শ্যামকানুক ৷
পৰৱৰ্তী সময়ত ধুৰন্ধৰ শ্যামকানুৱে ৩০ ছেপ্টেম্বৰতে ছিংগাপুৰৰ পৰা দিল্লীৰ অধিবক্তা ৰাজ কমলৰ জৰিয়তে সৰ্বোচ্চ ন্যায়ালয়ত জামিন বিচাৰি 56715/2025 নম্বৰত ফৌজদাৰী লেখ আবেদন দাখিল ৷ সম্ভৱত আগতীয়া জামিন বিচাৰি কৰিছিল আবেদন ৷
উল্লেখ্য যে শ্যামকানু মহন্তই অসমৰ পৰা গোচৰটো স্থানান্তৰিত কৰাৰ বাবে আবেদনৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনঅসম চৰকাৰ, ডিজিপি,চিবিআই,নিয়া আৰু ভাৰত চৰকাৰক পক্ষ হিচাপে উল্লেখ কৰে। এনে প্ৰেক্ষাপটত চিআইডিৰ নামমাত্ৰ ভুল হ’লেই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ দিল্লীলৈ স্থানান্তৰৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি বিভিন্ন মহলত চৰ্চা চলিছে ৷
মনকৰিবলগীয়া যে,শ্যামকানুক গ্ৰেপ্তাৰ কৰি। কামৰূপ চিজিএম আদালতত হাজিৰ কৰাৰ সময়ত তেওঁৰ হৈ কোনো অধিবক্তা নাছিল ৷
Exit mobile version