Hagrama Mohilary takes oath:কাইলৈ বিটিচিৰ মুৰব্বী হিচাপে শপত ল’ব হাগ্রামা মহিলাৰীয়ে

বডোফা নগৰত শপত গ্ৰহণৰ পূৰ্ণ প্রস্তুতি,কুৰি শতাধিক লোক সমবেত হোৱাৰ সম্ভাৱনা

hagrama

Hagrama Mohilary takes oath:

দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত ল’ব বিপিএফৰ চীফ হাগ্রামা মহিলাৰীয়ে । শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ শপত বাক্য পাঠ কৰাব ৰাজ্যৰ মুখ্য সচিব ড: ৰবি কোটাই ৷ কাৰ্যবাহী সদস্য ৰূপে শপত ল’ব বিপিএফৰ কে’বা গৰাকী পাৰিষদে ৷ শপত গ্ৰহণত উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায ,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা।

শপত গ্ৰহণ আঢ়ৈ সহস্ৰাধিক লোকৰ সমাবেশ হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে বিটিচিৰ সদ্য সমাপ্ত নিৰ্বাচনত শাসকীয় মিত্ৰজোঁট বিজেপি – আৰু ইউপিপিএলক পৰাভূত কৰি পাঁচ বছৰৰ বিৰতিৰ পিছত পুনৰ শাসনলৈ ঘূৰি আহিবলৈ সক্ষম হয় হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷
নিৰ্বাচনত মেজিক নম্বৰ ২১ অতিক্ৰম কৰি ২৮ খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ইউপিপিএল ৭ আৰু বিজেপি ৫ খন আসনতে সীমাবদ্ধ থকাৰ বিপৰীতে কংগ্ৰেছ শূন্য ৷

Exit mobile version