CID:✒️ছঘণ্টীয়া জেৰাৰ সন্মুখীন হ’ল জুবিন গাৰ্গৰ লগত সাগৰত সংঘটিত ঘটনাৰ অন্যতম প্রত্যক্ষদর্শী ছিংগাপুৰৰ প্রৱাসী অসমীয়া ৰূপকমল কলিতা। সাগৰত য়টত পার্টি কৰা আঠজনীয়া দলটোৰ অন্যতম ৰূপকমলক কালি দুপৰীয়া ১২ বজাত চিআইডিয়ে নিৰাপত্তা বেষ্টনীৰে নিজৰ কার্যালয়লৈ নিয়ে।
সন্ধিয়া প্রায় ছয় বজাত পুনৰ একে ব্যৱস্থাৰে তেওঁক কাৰ্যালয়টোৰ পৰা উলিয়াই লৈ যোৱা হয়। কাৰো সংস্পর্শলৈ আহিব নোৱাৰাকৈ চিআইডিয়ে বিশেষ বাহনৰে কাৰ্যালয়টোৰ চোতাললৈ ৰূপকমলক গাড়ীৰেই নিয়ে। তেনেদৰে যোৱাৰ সময়তো কাৰ্যালয়ৰ চৌহদতে গাড়ীত তুলি অজ্ঞাত স্থানলৈ লৈ যোৱা হয়।
চিআইডিৰ সূত্ৰত প্রকাশ যে প্রবাসী অসমীয়াজনৰ নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব দিয়া হৈছে। ৰূপকমলক আৰু অধিক দিন সোধপোছ কৰা হ’ব। কালি জুবিন গাৰ্গৰ লগত তেওঁৰ সম্পৰ্ক, ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ অন্যান্যসকলৰ লগতো জুবিনৰ সম্পৰ্ক, য়টত থকা সকলৰ আচাৰ-আচৰণ আদিৰ বিষয়ে সোধপোছ কৰা হয় বুলি সূত্ৰটোৱে জনায়।
তদুপৰি এছআইটিৰ আগত হাজিৰ হ’বলৈ জাননী জাৰি কৰা অসম এছ’চিয়েছন তথা প্রবাসী সাতজন অসমীয়াৰ মনোভাব সন্দর্ভতো ৰূপকমলক প্রশ্ন কৰা হয়। প্রসংগক্রমে উল্লেখ্য যে সংশ্লিষ্ট সাতজনে এছআইটিৰ আগত হাজিৰ হোৱা সন্দর্ভত এই পর্যন্ত কোনো নিশ্চিত যোগাযোগ স্থাপন কৰা নাই।
ইপিনে, কালি আন কে’বাজনকো এছআইটিয়ে সোধপোছ কৰে। আকৌ আজিৰ দিনটোতে স্বাচ্ছন্দ্যকৰ জীৱন যাপনত অভ্যস্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাই চিআইডিৰ জিম্মাত থকাত যে যথেষ্ট অসুবিধাৰ সম্মুখীন হৈছে, সেয়াও ধৰা পৰে। আজিৰ দিনটোতে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ ৰহস্যজনক কাণ্ডও পোহৰলৈ আহে। অনিতা ডেকা মহন্তৰ আচৰণো হৈ পৰে কালিৰ অন্যতম চৰ্চাৰ বিষয়।
