Heroin Seized With Paddlar Arrested:
দীৰ্ঘদিন ধৰি সংগোপনে মহানগৰীত ড্ৰাগছৰ গোপন বেহা অব্যাহত ৰখা দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী এটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চানমাৰি আৰক্ষী। গোপন খবৰৰ ভিত্তিত জ্যোতিনগৰৰ এটা বাসগৃহত চানমাৰি আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই দুটা চাবোনৰ কেচত লুকুৱাই ৰখা দুটা প্লাষ্টিকৰ পেকেটত ১২৬.২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু , ক’লা পলিথিনত লুকুৱাই ৰখা প্লাষ্টিকৰ শিশিৰ,৮৯.৮ গ্ৰামৰ সোণৰ আ- অলংকাৰ , ৩৬.২৩ গ্ৰামৰ ৰূপৰ গহনা আৰু নগদ ১,৩৮,২৩০০ টকা জব্দ কৰাৰ লগতে দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী মিন্টু ৰহমান(৩১)ক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে অধিত তথ্যৰ বাবে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
