Baska Situation:
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে অভিযুক্ত শ্যামকানুমহন্ত,সিদ্ধাৰ্থ শৰ্মা,সন্দীপন গাৰ্গ,নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ১৪ দিনৰ ন্যায়িক জিন্মাৰ বাবে গুৱাহাটীৰ পৰা বাকসাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ অনাৰ পিছতে সহস্ৰাধিক জুবিন অনুৰাগীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
বৰ্তমান পৰিস্থিতি অধিক ভয়াৱহ হৈ থকাত বাকসা জিলা দণ্ডাধীশে বিএনএছএছ ১৬৩ ধাৰা বলবৎ কৰে ৷ এই ধাৰা বলবৎ হোৱাৰ পিছত একেলগে পাঁচজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে চাৰিখন বাছেৰে ৰেপিড এক্সন ফৰ্চৰ জোৱান ৰাওনা হৈছে ঘটনাস্থলীলৈ। একেদৰেই মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনী I
