গুৱাহাটীত চিআইডিৰ কাৰ্যালয়ত আছাম এছ’চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ! 

IMG 20251016 154908

CID:✒️বিগত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। শিল্পীগৰাকীৰ মৃত্যুৰ অভিযোগত ইতিমধ্যেই পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ মাজতে বুধবাৰে নিশা চিআইডি কাৰ্যালয়ত উপস্থিত হয় ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়া দেৱজিৎ আৰু আছাম এছ’চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰৰ।

চিআইডি কাৰ্যালয়ত হোৱা জেৰাৰ পাছতে সাংবাদিকৰ আগত অভিমন্যু তালুকদাৰে কয়”আমি SITক পূর্ণ সহযোগ কৰি আছোঁ আৰু কৰি যাম । আমাক ছিংগাপুৰৰ আৰক্ষীয়ে আহিবলৈ দিয়া নাছিল । ছিংগাপুৰ আৰক্ষীয়েও তদন্ত কৰি আছে ।”

উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সময়ত য়টত থকা ১১ জন ছিংগাপুৰবাসী অসমীয়ালৈ অসম আৰক্ষীৰ এছআইটিয়ে চমন জাৰি কৰিছিল।

প্ৰথম অৱস্থাত ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়া কেইজন অসমত আহি উপস্থিত হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত এজন এজনকৈ মুঠ ১০ জন আহি এছআইটিৰ সোধ-পোছৰ সন্মুখীন হয় ।

উল্লেখ্য যে,অসমলৈ আহি আৰক্ষীৰ সহযোগিতা কৰোতে কিয় ইমান পলম হ’ল তাৰো কাৰণ সদৰী কৰিলে প্ৰবাসী অসমীয়া আছাম এছ’চিয়েচনৰ সাধাৰণ সম্পাদক অভিমন্যু তালুকদাৰে

তালুকদাৰে কয়,”ছিংগাপুৰ আৰক্ষীৰ আগত আমি কেবাবাৰো ভাষ্য প্ৰদান কৰিব লগা হৈছিল । আমাৰ ফোনৰ ৰেকৰ্ড সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে ৷ অসম আৰক্ষীয়ে প্ৰথম চমন জাৰি কৰোঁতে আমি ছিংগাপুৰ আৰক্ষীৰ আগত সাক্ষ্য দি আছিলোঁ ৷”

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীয়ে চলোৱা তদন্ত এতিয়াও শেষ হোৱা নাই ৷ ছিংগাপুৰ আৰক্ষীয়ে য়টৰ চিচিটিভিৰ ফুটেজ আদি লৈ তদন্ত অব্যাহত ৰখাৰ কথা সদৰী কৰিছে অভিমন্যু তালুকদাৰে ।

অভিমন্যু তালুকদাৰে বুধবাৰে কয়, “ছিংগাপুৰ আৰক্ষীৰ সন্মুখত সাক্ষ্য দিয়াৰ পাছত আমি অসমৰ তদন্তত সহযোগিতা কৰাৰ কথা জনাওঁ ৷ তাৰ পাছত ছিংগাপুৰ আৰক্ষীৰ অনুমতি লৈ অসমলৈ আহিছোঁ ।”

Exit mobile version