Judicial Custody:ন্যায়িক জিম্মালৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী-অমৃতপ্রভা মহন্তক, চিআইডি জিন্মাত আছিল দুয়োজন অভিযুক্ত

cid 1 1

Judicial Custody:

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক চিআইডিৰ জিন্মাৰ ম্যাদ বৃহস্পতিবাৰে উকলাৰ পিছত আজি দুয়োকে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰে পানবজাৰস্থিত কামৰূপ চিজেএম আদালতত হাজিৰ কৰা হয় ৷ আদালতে শেখৰজ্যোতি-অমৃতপ্রভাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । সেই অনুসৰি দুয়োকে হাফলং নতুবা মৰিগাঁও জিলা কাৰাগাৰলৈ নিয়াৰ চৰ্চা চলিছে ৷ নিৰাপত্তাজনিত কাৰণত হয়তো দুয়োকে যিকোনো এখন কাৰাগাৰত ৰখাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে শেখৰজ্যোতি-অমৃতপ্রভাক এছআইটিয়ে কে’বাদিনো ধৰি জেৰাৰ অন্তত ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল ৷ ছিংগাপুৰত জুবিন গাৰ্গ য়টত থকাৰ সময়ত শেখৰজ্যোতি-অমৃতপ্রভাও আছিল য়টত ৷
Exit mobile version